Cooking Gas : মূল্যবৃদ্ধি, গেছ-ৰাজসাহায্য কার্যত শূন্য

1612429469 4 sironam gas cylinder

পেট্র’লৰ দৰ এশ পাৰ হৈছিল । এইবাৰ ৰন্ধন গেছৰ দাম হেজাৰ পাৰ হ’ল । কিন্তু ৰন্ধন গেছত ৰাজসাহায্যৰ পৰিমাণ কার্যত শূন্য !

শুকুৰবাৰে মাজ নিশা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম পুনৰ ৫০ টকা বঢ়োৱা হৈছে । উত্তৰ প্রদেশসহ পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফল প্রকাশৰ পাছত বিগত ডেৰ মাহত এই লৈ ৰন্ধন গেছৰ দাম ১০০ টকা বাঢ়িল । ইয়াৰ পূৰ্বে যোৱা ২২ মার্চত গেছৰ দাম ৫০ টকা বঢ়োৱা হৈছিল । আজি বিৰোধীসকলে অভিযোগ তুলিছে, বিগত পাঁচ বছৰ ধৰি ৰন্ধন গেছত নামমাত্র ৰাজসাহায্য দিছে নৰেন্দ্র মোদী চৰকাৰে । তাৰ ফলতেই সাধাৰণ মানুহৰ ওপৰত বোজা ক্রমশ বাঢ়িছে ।

আজি কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰে, “ইউপিএ চৰকাৰৰ আমোলত চিলিণ্ডাৰৰ দাম আছিল ৪১৪ টকা । প্রতি চিলিণ্ডাৰত ৮২৭ টকাকৈ ৰাজসাহায্য দিয়া হৈছিল । আজি, দিল্লীত প্রতি চিলিণ্ডাৰৰ দাম ৯৯৯.৫০ টকা । কিন্তু ৰাজসাহায্যৰ পৰিমাণ শূন্য ।”

কেন্দ্রীয় চৰকাৰৰ ‘পেট্র’লিয়াম প্লেনিং এনালিছিছ চেল’-ৰ পৰিসংখ্যা দাঙি ধৰি কংগ্রেছে দাবী কৰিছে, ২০১৬-১৭ৰ পৰা ২০২০-২১— এই পাঁচ বছৰত ৰন্ধন গেছ কার্যত কোনো ৰাজসাহায্য দিয়া নাই মোদী চৰকাৰে । চৰকাৰী পৰিসংখ্যাত কোটি টকাৰ অংকত ৰাজসাহায্য দেখুওৱা হৈছে । ৰাজসাহায্যৰ পৰিমাণ ইমানেই কম যে, এই পাঁচ বছৰত ৰাজসাহায্যৰ কোনো তথ্যই নাই ! বিগত বিত্ত বৰ্ষ, অর্থাৎ, ২০২১-২২টো ৰাজসাহায্যৰ তথ্য নাই । কংগ্রেছৰ অভিযোগ, ৰাজসাহায্য দিয়াই হোৱা নাই, সেয়ে তথ্যও নাই ।

চৰকাৰী তথ্য অনুসৰি, ২০১৪-ৰ মে’ত দিল্লীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আছিল ৪১৪ টকা । সম্প্ৰতি এই দৰ ৯৯৯ টকা ৫০ প‌ইচা । অর্থাৎ আঠ বছৰত দাম বাঢ়িছে ৫৮৫ টকা ৫০ প‌ইচা । ইয়াৰ ভিতৰত যোৱা ডেৰ মাহতেই ১০০ টকা দাম বাঢ়িছে ।

বিগত দুমাহত হোটেল-ৰেস্তোৰাঁত ব্যৱহৃত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য‌ও ৪৫৭.৫০ টকা বাঢ়িছে । কংগ্রেছৰ বক্তব্য, এইবোৰৰ পৰা লক্ষ্যভ্ৰষ্ট কৰিবলৈয়ে বিগত আঠ বছৰে বিজেপিয়ে মানুহৰ শব্দকোষত নতুন নতুন শব্দ যোগ কৰিছে । যেনে, টুকুৰা টুকুৰা গেং, লাভ জিহাদ, ঝটকা বনাম হালাল, হনুমান চালিছা বনাম আজান, বুলডোজাৰ । কাৰণ, এইবোৰ বিষয় দাঙি নধৰিলে, সমাজত অশান্তিৰ সৃষ্টি নকৰিলে জনসাধাৰণ মোদী চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিব ।

প্রধানমন্ত্রী হোৱাৰ আগতে মোদীয়ে গেছৰ দামবৃদ্ধিক লৈ কংগ্রেছক কটাক্ষ কৰি জনসভাত কৈছিল, ‘ভোট দিব যোৱাৰ আগতে গেছৰ চিলিণ্ডাৰত নমস্কাৰ কৰিব । তেওঁলোকে মানুহৰ পৰা গেছ কাঢ়ি ল’ব বিচাৰিছে ।’ নিৰ্বাচনত জয়ী হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক ৰন্ধন গেছৰ ৰাজসাহায্য প্ৰত্যাহাৰ কৰাৰ আবেদন জনাইছিল । বিৰোধীসকলৰ অভিযোগ, এইবাৰ বৰ্ধিত মূল্যৰ ফলত সাধাৰণ মানুহে ৰন্ধন গেছ ব্যৱহাৰ কৰাই বাদ দিব লাগিব ।

আজি দিল্লীত সাংবাদিক সন্মিলনত ৰন্ধন গেছৰ চিলিণ্ডাৰত মালা পিন্ধাই, সন্মুখত ধূপকাঠি জ্বলাই কংগ্রেছৰ মুখপাত্র পৱন খেৰাই কয়, “৬৫ ঘণ্টাত তিনি দেশৰ ভ্ৰমণ কৰি, বিভিন্ন ধৰণৰ পোছাক পৰিধান কৰি, ৬০ বাৰ ফটোশ্ব্যুট কৰি ছাহেব ভাৰতত উভতিল । আহিয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বঢ়াই দিলে !”

পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে গেছৰ মূল্যবৃদ্ধিক ‘গ্রেট ইণ্ডিয়ান লুট’ বুলি আখ্যা দিছে । তেওঁৰ দাবী, “কেন্দ্রীয় চৰকাৰে অবিলম্বে দেশৰ মানুহৰ ওপৰত এই অত্যাচাৰ বন্ধ কৰক । বাৰে বাৰে ইন্ধন, ৰন্ধন গেছ, নিত্যপ্রয়োজনীয় সামগ্ৰীৰ দাম বঢ়াই বিজেপিয়ে গ্রেট ইণ্ডিয়ান লুট চলাইছে ।”

‘পেট্র’লিয়াম প্লেনিং এনালিছিছ চেল’-ৰ পৰিসংখ্যা অনুযায়ী, মনমোহন সিং চৰকাৰৰ শেষ বছৰ অর্থাৎ ২০১৩-১৪-ত ৰন্ধন গেছত ৪৬ হেজাৰ ৫০০ কোটি টকাৰো অধিক ৰাজসাহায্য দিয়া হৈছিল । মোদী চৰকাৰৰ প্রথম বছৰ, ২০১৪-১৫-ত ৰন্ধন গেছৰ ৰাজসাহায্যৰ পৰিমাণ আছিল ৩৬ হেজাৰ পাঁচশ কোটি টকাৰো অধিক । তাৰ পাছৰ বছৰতেই ৰাজসাহায্যৰ পৰিমাণ ১৮ কোটি টকাৰ কম হয় । তাৰ পাছৰ পৰা ৰাজসাহায্যৰ অংক নামমাত্র ।

বিগত বিত্ত বৰ্ষৰ তথ্যই নাই । চৰকাৰী সূত্রৰ দাবী, ২০২১-২২-ৰ প্রথম ন মাহত ৰন্ধন গেছত প্রায় ২,৭০৬ কোটি টকা ৰাজসাহায্য দিয়া হৈছে । চলিত বিত্ত বৰ্ষত ৰন্ধন গেছত ৰাজসাহায্যৰ বাবদ চাৰি হেজাৰ কোটি টকা আবণ্টন কৰা হৈছে । অৱশ্যে শেষ পর্যন্ত কিমান খৰচ হ’ব, সেয়া এতিয়াই ক’ব নোৱাৰি ।

Exit mobile version