Drone Food Delivery : এইবাৰ ড্ৰোন যোগে প্ৰেৰণ কৰা হ’ব খাদ্য, নতুন পৰিকল্পনা ডেলিভাৰী সংস্থাৰ

খাদ্য আৰু গেলামাল সামগ্ৰী আৰু সহজে গ্ৰাহকৰ কাষত পঠিয়াবলৈ এইবাৰ ড্ৰোন ব্যৱহাৰ কৰিব এটা জনপ্ৰিয় ফুড ডেলিভাৰি কোম্পানীয়ে ।

তথ্য অনুসৰি বৰ্তমানৰ বাবে, কোম্পানীটোৱে চাৰিটা ড্ৰোন নিৰ্মাতাৰ সহযোগত দিল্লী বেংগালুৰুৰ দৰে একাধিক চহৰত সেৱা আৰম্ভ কৰিছে ।

প্রাথমিকভাৱে নিত্য প্রয়োজনীয় বিভিন্ন সামগ্ৰী পৰিবহণত গতি আনিবলৈ পৰীক্ষামূলকভাৱে ড্র’ন ব্যৱহাৰ কৰিব সংস্থাটোৱে । কিন্তু ড্ৰোন এতিয়াও গ্ৰাহকৰ ওচৰলৈ পোনপটীয়াকৈ নাযায়।

কোম্পানীৰ মতে, বৰ্তমানৰ বাবে, ড্ৰ’নে দোকানৰ পৰা ‘কমন কাষ্টমাৰ পইণ্ট’ নামৰ এটা স্থানলৈ সামগ্ৰী বিতৰণ কৰিব।

তাৰ পৰা, ডেলিভাৰী অংশীদাৰসকলে সামগ্ৰীবোৰ সংগ্ৰহ কৰিব আৰু সেইবোৰ সামগ্ৰী গ্ৰাহকক প্ৰদান কৰিব। খাদ্য বিতৰণ কোম্পানীয়ে বিশ্বাস কৰে যে যান-জঁট পৰিহাৰ কৰি সেৱাসমূহৰ দ্ৰুত বিতৰণ নিশ্চিত কৰাত এই প্ৰণালীটো কাৰ্যকৰী হ’ব। দেশত প্ৰথমবাৰৰ বাবে বাংগালুৰুত এই সেৱা আৰম্ভ কৰা হৈছে।

Exit mobile version