The Mount Everest : নিজৰ অভিলেখ নিজেই ভাঙি ২৬তম বাৰ এভাৰেষ্ট জয় পঞ্চাশোর্ধ ৰীতাৰ

1652015728 nepali

সর্বাধিকবাৰ বিশ্বৰ সর্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টত উঠাৰ অভিলেখ আছিল নেপালৰ কামি ৰীতা শ্বেৰপাৰ । এইবাৰ নিজৰ অভিলেখ নিজেই ভংগ কৰিলে ৫২ বছৰৰ ৰীতাই । মুঠ ২৬ বাৰ বিশ্বৰ সর্বোচ্চ স্থানত ভৰি ৰাখিলে তেওঁ ।

তথ্য অনুসৰি, ৰীতাই তেওঁৰ ১১গৰাকী সংগীক লৈ স্থানীয় সময় সন্ধিয়া ছয় বাজি ৫৫ মিনিটত ৮,৮৪৮.৮৬ মিটাৰ উচ্চতাৰ এভাৰেষ্ট শৃংগত উপস্থিত হয় । ইয়াৰ আগতে ২৫ বাৰ একেৰাহে শৃংগ আৰোহণ কৰা অনন্য অভিজ্ঞতা আছিল তেওঁৰ ।

শ্বেৰপাৰাই মূলত পর্বতাৰোহীৰ বাবে ৰছি বন্ধাৰ কাম কৰে । মে’ত চলিত ঋতুৰ আৰোহণ আৰম্ভ হৈছে । সূত্রৰ খবৰ, চলিত বৰ্ষত ৩১৬ জনক শৃংগাৰোহণৰ অনুমতি দিছে । তাৰ আগতেই অভিলেখ ভাঙি নতুন অভিলেখ গঢ়িলে ৰীতাই ।

১৯৯৪ৰ ১৩ মে’ত প্রথমবাৰ এভাৰেষ্ট আৰোহণ কৰে ৰীতাই । তাৰ পাছত তেওঁ মাউন্ট গডউইন অষ্টিন (কেটু), মাউন্ট লোৎছে, মাউন্ট মানছালু আৰু মাউন্ট চো ইউ শৃংগ আৰোহণ কৰিছে । আঠ হেজাৰ মিটাৰ উচ্চতা বিশিষ্ট শৃংগ আৰোহণতো বিশ্ব অভিলেখ আছে ৰীতাৰেই ।

Exit mobile version