The Mt. Everest : এভাৰেষ্ট বেচ কেম্পৰ দিশে আৰোহণ কৰাৰ সময়ত হঠাৎ হৃদৰোগ, মৃত্যু মহিলা চিকিৎসকৰ

gettyimages 1232671254 wide d6495093e2c23e4409067b4e0531279f6d3f6096

মাদকতা আছিল পৰ্বত আৰোহণ । সেই পৰ্বততেই প্রাণ গ’ল মুম্বাইৰ চিকিৎসকৰ । এভাৰেষ্টৰ বেচ কেম্পৰ দিশে ট্রেক কৰি যোৱাৰ সময়ত হৃদৰোগত আক্রান্ত হৈ মৃত্যু হ’ল ৫২ বছৰৰ প্রাদনিয়া সামন্তৰ ।

চিকিৎসকৰ পৰিয়াল সূত্রে খবৰ, কিছুদিন আগতে মুম্বাইৰ গোৰেগাঁৱৰ বাসিন্দা প্রাদনিয়া এভাৰেষ্ট অভিযানত যায় । সেই মতে নেপালৰ পৰা যাত্রা আৰম্ভ কৰিছিল । বেচ কেম্পৰ কাষত পায়েই হঠাৎ হৃদৰোগত আক্রান্ত হয় তেওঁ । তাতেই তেওঁৰ মৃত্যু হয় ।

পৰিয়ালৰ তৰফৰ পৰা আৰু জনোৱা হৈছে, দেওবাৰে নিশাই বিশেষ বিমানত দেহ লৈ অহা হ’ব । সোমবাৰে গোৰেগাঁৱতেই হ’ব প্রাদনিয়াৰ শেষকৃত্য ।

প্রসংগত, শৃংগ জয় কৰিবলৈ গৈ চলিত বৰ্ষতেই দুজন ভাৰতীয়ৰ মৃত্যু হৈছে । ইয়াৰ আগতে কাঞ্চনজংঘা অভিযানত গৈ মৃত্যু হয় ৫২ বছৰৰ নাৰায়ণ আইয়াৰৰ । তথ্য অনুসৰি, তেওঁৰ সর্বোচ্চ আঠ হেজাৰ মিটাৰ পর্যন্ত আৰোহণ কৰাৰ অনুমতি আছিল । কিন্তু তেওঁ জোৰ কৰি আৰু ওপৰত উঠিব বিচাৰে । আঠ হেজাৰ দুশ ফুট উঠাৰ পাছত তেওঁৰ মৃত্যু হয় ।

Exit mobile version