কাষত পিতৃ-মাতৃ,বিকিনি পিন্ধি জন্মদিনৰ কেক কাটিলে আমিৰ কন্যাই ,’নিৰ্লজ্জ’, কটাক্ষ নেটিজেনৰ

Aamir Ira 1

বিকিনি পিন্ধি জন্মদিনৰ কেক কাটিছিল। তাতেই ট্ৰ’লৰ চিকাৰ হ’ল আমিৰ খানৰ কন্যা ইৰা খান । পোছাকক লৈ তীব্ৰ কটাক্ষ কৰা হৈছে তাৰকা সন্তানক ।

আমিৰ খান আৰু তেওঁৰ প্ৰথম পত্নী ৰিনাৰ কন্যা ইৰা। ২৫ বছৰত ভৰি দিলে ইৰাই । তাৰে উদযাপনৰ ফটো প্ৰকাশ্য আহিছে। ছবিখনত, ইৰাক ‘টু-পিচ’ বিকিনি পিন্ধি কেক কাটি থকা দেখা গৈছে।

পিতৃ আমিৰ খানো কাষতে থিয় হৈ আছে। লগত আছিল ইৰাৰ মাক ৰীনা আৰু তেওঁৰ ভাতৃ আজাদ । ইৰাই সকলোৰে স’তে জন্মদিন উদযাপন কৰিছে ।

এই ফটোখন আপলোড কৰাৰ লগে লগেই আৰম্ভ হয় সমালোচনা । এটাৰ পাছত আনটো মন্তব্য । “এইটো জন্মদিন নে পুল পাৰ্টি ?”, “তেওঁৰ জন্মদিনত বিকিনি পিন্ধা ছবিখন কিয়?” আমিৰৰ কন্যাক ‘নিৰ্লজ্জ’ বুলিও কটাক্ষ কৰা হৈছে।

ইয়াৰ আগতে একাধিকবাৰ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে ইৰাৰ নামে । সৌজন্য টুইটাৰ-ইনষ্টাগ্ৰাম একাউণ্ট। আমিৰ কন্যা সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়। তেওঁ তাত কে’বাখনো ফটো আপলোড কৰিছিল।

সাহসী ফটোশ্বুটৰ ছবিও আছে ইৰাৰ প্ৰফাইলত । অৱশ্যে, আমিৰৰ কন্যাক সেই সময়ত তেওঁৰ সাহসী ফটোশ্বুটৰ বাবে প্ৰশংসা কৰা হৈছিল।

Exit mobile version