পুনৰ উচ্ছেদ কাৰ্যসূচীক লৈ অশান্ত দিল্লী, বুলডোজাৰ চলোৱাৰ আগতেই বাধা দিলে জনতাই

sahin

দিল্লীৰ জাহাংগিৰপুৰিত (Jahangirpuri) হনুমান জয়ন্তীৰ শোভাযাত্রাত অশান্তিৰ পাছত পৌৰনিগমৰ উচ্ছেদ অভিযানক লৈ উত্তেজনাৰ সৃষ্টি হৈছিল । এইবাৰ উচ্ছেদ অভিযানক লৈ উত্তপ্ত হৈ উঠিল শ্বাহিনবাগ (Shaheen Bagh) । ২০১৯ৰ শেষ আৰু ২০২০-ৰ আৰম্ভণিতে চিএএ বিৰোধী আন্দোলনৰ কেন্দ্রস্থল হৈ উঠিছিল সেই ঠাইৰ ৰাস্তা । তাতেই দক্ষিণ দিল্লী পৌৰনগিমত (South Delhi Municipal Corporation) বুলডোজাৰেৰে উচ্ছেদ অভিযানক লৈ নতুনকৈ উত্তেজনাৰ সৃষ্টি হয় ।

আজি বুলডোজাৰ লৈ পৌৰনিগমৰ কর্মচাৰীসকলে উচ্ছেদ অভিযানত অহাত এই বুলডোজাৰৰ সন্মুখত থিয় হৈ প্রতিবাদ কৰে স্থানীয় লোকে । ফলত অভিযান বন্ধ হৈ যায় । বিক্ষোভত স্থানীয়সকলৰ স’তে আছিল কংগ্রেছ (Congress) আৰু আম আদমি পার্টিৰ সমর্থকসকলো । আপ বিধায়ক আমানতউল্লাহ খানো আছিল (Amanatullah Khan) ।

আপ বিধায়কে দাবী কৰে, সম্প্ৰতি অঞ্চলটোত এটাও বেআইনী নির্মাণ নাই । তেওঁ কয়, “ইয়াত কোনো অবৈধ নির্মাণ নাই । বুলডোজাৰ আনি দেখোৱাব চেষ্টা কৰা হৈছে যে ম‌ই পৌৰনিগমৰ উচ্ছেদ অভিযানত বাধা দিছো ।”

ইপিনে তথ্য অনুসৰি, শ্বাহিনবাগৰ পার্শ্বৱর্তী কালিন্দি কুঞ্জ-জামিয়া নগৰ অঞ্চল আৰু শ্রীনিবাসপুৰিতো পৌৰনিগমৰ একেই ধৰণৰ অভিযানৰ প্রস্তাৱ আছে । যদিও পর্যাপ্ত আৰক্ষীৰ অভাৱত এই উচ্ছেদ অভিযান সম্প্ৰতি বাতিল হৈছে । আগতেই দক্ষিণ দিল্লী পৌৰনিগমৰ স্থায়ী কমিটীৰ প্ৰধান ৰাজপালে সংবাদ সংস্থাক জনাইছে, “পৌৰনিগমে নিজৰ কাম কৰিব, উচ্ছেদ অভিযানৰ বাবে আমাৰ কর্মচাৰী কর্মকর্তাসকল প্রস্তুত । ইয়াৰ বাবে বুলডোজাৰৰ ব্যৱস্থা কৰা হৈছে । য’ত প্রয়োজন তাতেই উচ্ছেদ অভিযান চলিব ।”

আনহাতে অভিযোগ উত্থাপিত হৈছে, শ্বাহিনবাগত উচ্ছেদ অভিযানত আছে দিল্লী বিজেপিৰ প্রধান আদেশ গুপ্ত । গুপ্ত‌ই যোৱা মাহত বিষয়াসকলক পত্ৰ লিখি উচ্ছদ অভিযানৰ দাবী জনাইছিল । তেওঁ আৰু কয়, “অঞ্চলটোত বেআইনী দখল কৰিছে ৰোহিংগিয়াই, বাংলাদেশী আৰু দুষ্কৃতীসকলে ।”

উল্লেখ্য, জাহাংগিৰপুৰিত অশান্তিৰ পাছত উচ্ছেদ অভিযানক লৈ বিস্তৰ বিশৃংখলতাৰ সৃষ্টি হয় । যদিও উচ্চতম ন্যায়ালয়ে এই উচ্ছেদ অভিযানত স্থগিতাদেশ দিয়ে । তাৰ পাছতো পৌৰনিগমত বহু সময় অভিযান চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে । যি ঘটনাত ক্ষুব্ধ হয় শীর্ষ আদালত।

Exit mobile version