হিন্দুস্তানেই কেৱল স্থান নহয় উৎপীড়নৰ বলি পাক হিন্দুসকলৰ

'স্বদেশ'লৈ উভতিল আঠশ হিন্দু

Pakistani Refugee

বিজেপি (BJP) চৰকাৰৰ বিতর্কিত অধ্যায়ৰ ভিতৰত অন্যতম চিএএ (CAA) বা সংশোধিত নাগৰিকত্ব আইন । এই আইন প্রণয়নৰ যুক্তি আছিল, ভাৰতৰ প্রতিবেশী দেশসমূহৰ যিসকল ধর্মীয় সংখ্যালঘু লোকে ভাৰতৰ নাগৰিকত্ব বিচাৰে, তেওঁলোকক দ্রুত নাগৰিকত্ব দিয়া হ’ব । কিন্তু বাস্তৱ চিত্রত অন্য ৰূপ দেখা গৈছে । পাকিস্তানৰ হিন্দু বাসিন্দাসকলে বিচাৰিও ভাৰতৰ নাগৰিকত্ব পোৱা নাই । যদিও এই পর্যন্ত চিএএ কার্যকৰ হোৱা নাই ।

সীমান্ত লোক সংগঠন নামে এটা আইনী সংস্থাৰ তথ্য অনুযায়ী, প্রায় আঠশজন পাকিস্তানি হিন্দুৱে (Pakistani Hindu) ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন কৰিছিল । কিন্তু বহু দিন অপেক্ষা কৰাৰ পাছতো তেওঁলোকৰ আবেদন সংক্রান্ত কোনো কাম হোৱা নাই । সেয়ে বাধ্য হৈ তেওঁলোকে পাকিস্তানতেই উভতি গৈছে । তথ্য অনুসৰি, এই আবেদনকাৰীসকলৰ ভিতৰত অধিকাংশই ৰাজস্থানত আছিল । চিএএ অনুযায়ী, প্রতিবেশী দেশগুসমূহৰ পৰা ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতত আহি পাঁচ বছৰ থাকিলেই তেওঁলোকক ভাৰতীয় নাগৰিকত্ব (Indian Citizenship) দিয়া হ’ব ।

পূৰ্বে পাঁচ বছৰৰ পৰিৱৰ্তে ১১ বছৰ ভাৰতত থকা হ’ব লাগিছিল । কিন্তু পাকিস্তানি হিন্দুসকলৰ অধিকাংশ‌ই সেই সময়সীমাতকৈ অধিক দিন ধৰি বাস কৰিও নাগৰিকত্ব পোৱা নাই ।

সীমান্ত লোক সংগঠন বা এছএলএছৰ সভাপতি হিন্দু সিং সোধাই জনাইছে, “যিসকল উভতি গৈছে, তেওঁলোকৰ দ্বাৰাই ভাৰতৰ বদনাম কৰিছে পাকিস্তানে । সংবাদ মাধ্যমৰ সন্মুখত আহি তেওঁলোকক ক’বলৈ বাধ্য কৰা হৈছে যে ভাৰতত তেওঁলোকৰ ওপৰত নির্যাতন চলাইছে ।”

প্রসংগত, গৃহমন্ত্রণালয়ৰ পৰা ২০১৮ত এটা উদ্যোগ লোৱা হৈছিল । তাত অনলাইনত নাগৰিকত্বৰ বাবে আবেদন কৰিব পৰা গৈছিল । কিন্তু তাত ম্যাদ উকলি যোৱা পাকিস্তানি পাছপ’র্ট গ্রহণ কৰা নহয় । সেই পাছপ’র্ট ৰিনিউ কৰিবৰ বাবে দিল্লীত পাক হাই কমিছনত মোটা ধনৰ বিনিময়ত কাম কৰা হৈছে, এই কথাও জনাইছে সোধাই । অনলাইনত আবেদন কৰিলেও কাগজ জমা দিব যাব লাগিছিল কালেক্টৰ অফিচত, সেয়ে সমস্যাত পৰিছিল পাকিস্তানিসকল ।

গৃহমন্ত্ৰণালয়ে দিয়া পৰিসংখ্যা অনুসৰি, ২০২১ পর্যন্ত ১০ হেজাৰৰো অধিক নাগৰিকত্বৰ আবেদন জমা হৈ আছে । ইয়াৰে ৭৫ শতাংশই আহিছে পাকিস্তানিসকলৰ পৰা । এপ্রিলত মোদী চৰকাৰে জনাইছে, আৰু ছয় মাহ সময় লাগিব চিএএ সংক্রান্ত আইন পর্যালোচনা কৰিবলৈ । সেয়ে এই আইন সন্দৰ্ভত বাদ-বিবাদৰ কেতিয়া অন্ত পৰিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

Exit mobile version