হৰপ্পা সভ্যতাৰ ঘৰৰ সন্ধান হাৰিয়ানাত, বৃহৎ সাফল্য, দাবী এএছআই-ৰ

Rakhigarhi

৩২ বছৰ পাছত সাফল্যতা লাভ কৰিলে ভাৰতীয় পুৰাতত্ত্ব সর্বেক্ষণৰ (ASI) গৱেষকসকলে । হাৰিয়ানাৰ হিচাৰৰ ৰাখিগঢ়ীত মাটি খুন্দি থাকোতে ওলাল একাধিক ঘৰ, ৰন্ধন ঘৰ, বিশেষ ধৰণৰ পাত্র আৰু এটা গহণাৰ কাৰখানা । সেইবোৰ গোটেইখিনিয়েই হৰপ্পা সভ্যতাৰ আমোলৰ বুলি অনুমান গৱেষকসকলৰ ।

দীর্ঘদিন ধৰি এই অঞ্চলত খননকার্য চলাই আছিল এএছআই গৱেষকসকলে । ৩২ বছৰ ধৰি খননকার্য চলাই ঘৰ, বৃহৎ ৰন্ধন ঘৰ আৰু এটা বৃহৎ গহণাৰ কাৰখানাৰ সন্ধান পোৱা গ’ল । ইয়াৰ উপৰি খননস্থলত প্রায় ২০ ফুট গভীৰৰ পৰা দুটা পূর্ণবয়স্ক মানুহৰ খোলা উদ্ধাৰ কৰা হৈছে । খোলাবোৰ ডিএনএ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । এএছআইৰ গৱেষকসকলে অনুমান কৰিছে যে, এই খোলাবোৰ পাঁচ হেজাৰ বছৰৰ পুৰণি । খোলাবোৰ মহিলাৰ ।

হাতত খাৰু পিন্ধা এটা কংকালো উদ্ধাৰ হৈছে । খাৰু দেখি ধাৰণা কৰা হৈছে সেইটো কোনো মহিলাৰ কংকাল । ইয়াৰ উপৰি এই অঞ্চলত খননকার্য চলাকালীন এটা আঢ়ৈ ফুট উখ পথৰো সন্ধান পোৱা গৈছে । পথৰ দুকাষত প্রমাণ পোৱা গৈছে দেৱালৰ । এই পথৰ কাষত একাধিক গৃহ আছিল । সেই সময়ৰ তুলনাত বহু বেছি আধুনিক ধাৰাৰ নিষ্কাষণ নলাৰ সন্ধান পোৱা গৈছে ।

এএছআই-ৰ এডিজি সঞ্জয় মঞ্জুলে কয়, ‘‘আমি ছিনৌলি, হস্তিনাপুৰ আৰু ৰাখিগঢ়ীত খননকার্য চলায় । খননৰ ফলত নানান নিদর্শন উঠি আহিছে ।’’এএছআই পঞ্জাৱৰ হিচাৰ আৰু উত্তৰ প্রদেশৰ ছিনৌলিতো একাধিকবাৰ খননকার্য চলায় । ইয়াৰ আগতে ২০১৮ত ছিনৌলিত খননকার্য চলাই এটা চকা উদ্ধাৰ কৰা হৈছিল । গৱেষকসকলৰ অনুমান, ঘোঁৰাৰে টনা ৰথত এই চকাটো ব্যৱহাৰ কৰা হৈছিল । তদুপৰি এটা শ্মশানৰো সন্ধান পোৱা গৈছে ।

Exit mobile version