পঞ্জাৱ সীমান্তত পাক ড্র’ন গুলি কৰি নমালে বিএছ‌এফ জোৱানে, উদ্ধাৰ কে’বা কোটি টকাৰ হেৰ’ইন

BSF

পঞ্জাৱ (Punjab) সীমান্তত এটা পাকিস্তানি ড্র’ন গুলি কৰি নমালে সীমান্তৰক্ষী বাহিনীয়ে (BSF) । সোমবাৰে পুৱা ভাৰতৰ সীমান্ত পাৰ হৈ ড্র’নটো প্ৰৱেশ কৰে । তাৰ পাছতে বিএছএফ জোৱানসকলে গুলি চলাই ড্ৰ’নটো নমাই আনে । ড্র’নটোৰ পৰা প্রায় ১০ কিলোগ্রাম হেৰ’ইন উদ্ধাৰ কৰে ।

বিএছএফ সূত্রে খবৰ, আজি অমৃতসৰৰ সীমান্তৱর্তী ভাৰোপাল গাঁৱত এটা পাকিস্তানি ড্র’ন দেখা পায় নিৰাপত্তাৰক্ষীসকলে । ইয়াৰ পাছতে বিএছএফ জোৱানসকলে গুলি চলাই সেইটো নমাই আনে । ড্র’নটোৰ পৰা প্রায় ১০ কিলোগ্রাম হেৰ’ইন উদ্ধাৰ হৈছে ।

এই মাদকৰ মূল্য প্রায় ৪৫ কোটি টকা বুলি অনুমান কৰা হৈছে । এই বিষয়ত এটা টুইটত বিএছএফ-এ জনাইছে, “পাকিস্তানৰ পৰা ড্র’নৰ মাধ্যমত মাদক সৰবৰাহ কৰাৰ আৰু এটা চেষ্টা বিফল কৰিছে বিএছএফ-এ । পাকিস্তানৰ পৰা অহা ড্র’নটো গুলি কৰি নমাই আনে জোৱানসকলে । যানটোৰ পৰা ন‌ টা পেকেটত প্ৰায় ১০ কেজি হেৰ’ইন জব্দ কৰা হৈছে ।”

তাৎপর্যপূর্ণভাৱে, দেওবাৰে পঞ্জাৱৰ টাৰ্ণ টাৰনৰ পৰা দুই ব্যক্তিক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃতসকলৰ পৰা এটা শক্তিশালী আইইডি উদ্ধাৰ কৰা হয় । নিৰাপত্তাৰক্ষীসকলে সন্দেহ কৰিছে যে, পাকিস্তানৰ পৰা ড্র’নৰ মাধ্যমত এই বোমাটো ভাৰতত সৰবৰাহ কৰা হৈছিল ।

মূলতঃ অস্ত্র-শস্ত্র আৰু মাদক দ্রব্য সৰবৰাহ কৰিবলৈয়ে সীমান্তৰেখা পাৰ কৰি এই ড্র’নবোৰ ভাৰতত প্ৰেৰণ কৰে পাকিস্তানে । সংশ্লিষ্ট মহলৰ ধাৰণা, অস্ত্র সৰবৰাহ কৰাৰ উপৰিও তেওঁলোকৰ অন্য উদ্দেশ্য থাকিব পাৰে । হয়তো এইদৰে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি বিএছএফ কিমান সজাগ সেয়া পৰীক্ষা কৰাই উদ্দেশ্য আছিল ড্ৰ’নটোৰ ।

সাধাৰণতে, কোনো হিংসাত্মক ঘটনা সংঘটিত কৰাৰ লক্ষ্য আছিল নেকি সেয়াও পৰ্যবেক্ষণ কৰা হয় । অতিমাৰীৰ সময়ৰ পৰাই সীমান্তত পাক আক্ৰমণৰ ঘটনা বাঢ়িছে । কিন্তু ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত বহু সন্ত্ৰাসবাদীৰ মৃত্যুৰ পাছৰ পৰা ড্র’নৰ মাধ্যমত সীমান্তৰে অস্ত্ৰ প্ৰেৰণ কৰাৰ ষড়যন্ত্র ৰচিছে পাকিস্তানে ।

Exit mobile version