Affair : অন্য সম্পৰ্কত লিপ্ত ,হত্যা কৰি জ্বলাই দিলে সহবাসীক

1650762526 murder

অন্য সম্পৰ্কত লিপ্ত হৈছিল সহবাসী সংগী ।কিছুদিনৰ পৰা সেই বিষয়ে সন্দেহ কৰিছিলে প্ৰেয়সীয়ে। সেই সন্দেহতে, সঙ্গীক হত্যা কৰি প্ৰমাণধ্বংস কৰিবলৈ মৃতদেহটো জ্বলাই দিলে প্ৰেয়সীয়ে । ৰাজকোটৰ মাৰুতি নগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক।

শুক্ৰবাৰে সন্ধিয়া পোহৰলৈ আহে এই ঘটনা। আৰক্ষীয়ে জনাই যে আশা চৌহান নামৰ মহিলাগৰাকীয়ে হত্যাৰ কথা স্বীকাৰ কৰিছে।তেওঁ নিজৰ সংগী ৰাকেশ আধিয়াৰুৰ স’তে কিছু সময়ৰ পৰা মাৰুতি নগৰ অঞ্চলৰ এটা ঘৰত আছিল।

আশাই কয় যে তাই প্ৰথমে ৰাকেশক শক্তিশালী কিবা এটাৰে মূৰত আঘাত কৰি হত্যা কৰিছিল। পাছত তেওঁ প্ৰমাণ ধ্বংস কৰিবলৈ মৃতদেহটো জ্বলাই দিয়ে।

ৰাকেশে স্থানীয় গহনা দোকান এখনত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল। আৰক্ষীয়ে গম পালে যে তেওঁ বিবাহিত। তেওঁৰ দুটা পুত্ৰও আছে।

অৱশ্যে, প্ৰাথমিক অনুসন্ধানৰ পাছত, আৰক্ষীয়ে অনুমান কৰে যে ৰাকেশৰ সৰু পুত্ৰও এই হত্যাকাণ্ডত জড়িত থাকিব পাৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version