Alia Bhatt’s Trolling :টকাৰ বাবে যিকোনো কাম কৰিব পাৰিব !কিয় পুনৰ কটাক্ষৰ চিকাৰ হ’ল আলিয়া ?

download 4

বলীউডৰ অভিনেতাসকলক সামাজিক মাধ্যমৰ জৰিয়তে ট্ৰ’ল কৰাৰ ঘটনা নতুন নহয়। অমিতাভ, শ্বাহৰুখ, চলমান – বি-টাউনৰ বহুতো চেলিব্ৰিটি বিভিন্ন কাৰণত বিভিন্ন সময়ত ট্ৰ’লৰ চিকাৰ হৈছে ।

এইবাৰ কাপুৰ পৰিয়ালৰ নতুন কইনা আলিয়া ভাটৰ নামও তালিকাখনত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ আগেও বহুতবাৰ ট্ৰ’লৰ সন্মুখীন হৈছে যদিও কিন্তু এইবাৰ, আলিয়াক কোনো ব্যক্তিগত কাৰণত নহয়,এইবাৰ সম্পূৰ্ণ বাণিজ্যিক কাৰণত ট্ৰ’ল কৰা হৈছে অভিনেত্ৰীগৰাকীক ।

শেহতীয়াকৈ, আলিয়া ভাটক চেনীযুক্ত পানীয়ৰ বিজ্ঞাপনৰ মুখ্য মুখ হিচাপে দেখা গৈছে। আৰু তাতেই সমস্যাটো আৰম্ভ হয়। কিয়নো কেইদিনমান আগতে অভিনেত্ৰীগৰাকীয়ে ‘কলংক’ৰ প্ৰচাৰৰ বাবে কপিল শৰ্মাৰ ‘কমেডি নাইটছ উইথ কপিল’লৈ আহিছিল আৰু তেওঁৰ স্বাস্থ্যৰ বাবে চেনী কিমান ক্ষতিকাৰক হ’ব পাৰে সেই বিষয়েও কৈছিল ।

আনকি বিভিন্ন সাক্ষাৎকাৰতো, আলিয়াই কয় যে ফিট থকাৰ চাবিকাঠি হৈছে চেনী বা মিঠাইৰ পৰা দূৰত থকা । চেনিযুক্ত পানীয়ৰ বিজ্ঞাপনত আলিয়াক দেখি এতিয়া আক্ৰমণ কৰিছে বহুতে ।

এফালে, আলিয়াৰ ‘চেনী কিমান অস্বাস্থ্যকৰ’ বুলি কোৱা ছবিখন আৰু আনফালে চেনী মিশ্ৰিত পানীয়ৰ বিজ্ঞাপনৰ ছবিখন ক’লাজ কৰা হৈছে। সেই ছবিখন টুইট কৰি ট্ৰ’ল কৰা হৈছে আলিয়াক ।

টুইটটোত লিখিছে “তেওঁলোকে পইচাৰ বাবে যিকোনো কৰিব পাৰে”, । আন এটা ঠাইত, লিখিছে ‘ টকা দিলে, বিহৰো প্ৰচাৰ কৰি দিব পাৰে’।

প্রসংগত, নতুনকৈ বিবাহিত হোৱা স্বত্বেও, আলিয়া বিবাহৰ পাছত সিন্দুৰ আৰু ৰঙা খাৰু পৰিধান নকৰাৰ বাবে সামাজিক মাধ্যমত চিকাৰ হৈছে ।

Exit mobile version