Arvid Kejriwal : ২০২৪-ৰ নিৰ্বাচনত ‘মহাজোঁট’ নহয়, জোঁট হ’ব ১৩০ কোটি জনতাৰ স’তে : কেজৰিৱাল

1646895584 arvind kejriwal

২০২৪ লোকসভা নিৰ্বাচনত মহাজোঁটৰ সম্ভাৱনা খাৰিজ কৰিলে দিল্লীৰ মুখ্যমন্ত্রী তথা আপ প্রধান অৰবিন্দ কেজৰিৱালে । দেওবাৰে দিল্লীত এক অনুষ্ঠানেশত তেওঁ কয়, যদি জোঁট হয় জনতাৰ স’তে হ’ব ।

অনুষ্ঠানত কেজৰিৱালে কয় যে, বহুদলীয় জোট কি সেই সম্পর্কত তেওঁৰ কোনো ধাৰণা নাই । তেওঁ কয়, “ম‌ই নাজানো কেনেকে ৰাজনীতি কৰিব লাগে । ম‌ই নাজানো কিয় কোনো এটা দলক পৰাজিত কৰিবলৈ ১০ বা ততোধিক দলৰ জোঁট গঠন কৰিবলগীয়া হয় । ম‌ই কাকো হৰুৱাব নিবিচাৰো । ম‌ই দেশ জয়ী হোৱাটো বিচাৰো ।”

প্রসংগত, জুলাইত ৰাষ্ট্রপতি নির্বাচন । তাৰ আগতে কেজৰিৱালৰ এই মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ বুলি ভাবে ৰাজনৈতিক মহলৰ একাং‌শ‌ই । ৰাষ্ট্রপতি নির্বাচনত পৰাজয় প্রায় নিশ্চিত বুলি জানিও বিজেপিৰ সর্বসন্মত জোঁট প্রার্থী প্ৰক্ষেপ কৰিব বিচাৰিছে তৃণমূলসহ একাধিক বিৰোধী দলে ।

বিগত সপ্তাহতেই দিল্লীলৈ গৈছিল মু্খ্যমন্ত্রী মমতা বেনাৰ্জী । তেওঁৰ স’তে দেখা কৰে কেজৰিৱালে । তেওঁৰ স’তে এই বিষয়ত বিস্তৰ আলোচনা হয় । তাৰ পাছত আপ প্রধানৰ এই মন্তব্য‌ই বিৰোধী জোঁটৰ উদ্যোগকেই প্রশ্নৰ মুখত ঠেলি দিলে বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version