Elone Musk: মোৰ মৃত্যু হ’ব ‘ৰহস্যময় পৰিস্হিতিত’ ,এলন মাস্কৰ নতুন টুইটক লৈ চলিছে চর্চা

1629885078 elon 2

জীৱনক লৈ সন্দেহ টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ ।সোমবাৰে এটা টুইটত তেওঁ এইয়ে ইংগিত দিলে। টুইটত তেওঁ লিখিছে, তেওঁৰ মৃত্যু হ’ব “ৰহস্যজনক পৰিস্থিতিত। ‘

শেহতীয়াকৈ ৪,৪০০কোটি ডলাৰেৰে টুইটাৰ ক্ৰয় কৰিছে এলন মাস্কে । ভাৰতীয় মুদ্ৰাত যি হৈছে প্ৰায় তিনি লাখ ৩৬ হেজাৰ ৭০২ কোটি ৫২ লাখ টকা।

তাৰ ঠিক এসপ্তাহৰ পাছতে, তেওঁ নিজৰ প্ৰাণৰ সন্দেহত থকাৰ ভয়ৰ বিষয়ে টুইট কৰে। টুইটত তেওঁ লিখিছে, ” মোৰ যদি এটা ৰহস্যজনক পৰিস্থিতিৰ মৃত্যু হয়! জানি ভাল লাগিছে। ‘

এই পোষ্টটোৰ মাত্ৰ এঘণ্টা আগতে, তেওঁ এজন ৰাছিয়ান বিষয়াৰ এটা পোষ্ট শ্বেয়াৰ কৰিছিল। পোষ্টটোত, বিষয়াজনে লিখিছিল যে পেন্টাগনে ইউক্ৰেইনলৈ অস্ত্ৰ আৰু সৈন্য প্ৰেৰণ কৰি আছে।

এলন এই সৈন্য আৰু অস্ত্ৰ প্ৰেৰণত জড়িত।ইয়াৰ পাছতে এতিয়া এই দুটা পোষ্টক লৈ চলিছে বহুতো জল্পনা-কল্পনা ।প্ৰশ্ন হয় যে এলনক হত্যা কৰাৰ ভাবুকি দিছে নেকি ৰাছিয়াই? এলনে এই বিষয়ে একো স্পষ্ট কৰা নাই,যদিও কিন্তু তেওঁৰ দুটা টুইটৰ পৰা এইয়ে অনুমান কৰিব পাৰি।

ফেব্ৰুৱাৰীত যুদ্ধবিধস্ত ইউক্ৰেইনৰ উপগ্ৰহৰ জৰিয়তে ব্ৰডবেণ্ড সেৱা প্ৰদান কৰিছিল এলনৰ সংস্থা স্পেচএক্স ষ্টাৰলিংকে । সেইকাৰণে কি ইউক্ৰেইনক অস্ত্ৰ সৰবৰাহৰ পাছত টেছেলাৰ মুখ্য কাৰ্যবাহী বিষয়া আঁৰত আছে বুলি ভাৱে ৰাছিয়াই ?

Exit mobile version