Gujarat: চৰকাৰৰ বিৰুদ্ধে বৈষম্যৰ অভিযোগ, গুজৰাটত স্বেচ্ছামৃত্যুৰ আবেদন ৬০০ মৎস্যজীৱিৰ

1652058918 fisherman

হেজাৰ হেজাৰ বছৰ ধৰি এই অঞ্চলটোত বাস কৰা মুছলমান মাছমৰীয়াসকলে এতিয়া স্বেচ্ছামূলক মৃত্যু বিচাৰি আদালতৰ কাষ চাপিছে। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ পোৰবন্দৰত ।

পোৰবন্দৰ – যি ঠাইক সমগ্ৰ বিশ্বই মোহনদাস কৰমচান্দ গান্ধীৰ জন্মস্থান বুলি জানে। গান্ধী, যিয়ে গোটেই জীৱন সত্য আৰু শান্তি আৰু সম্প্ৰীতিৰ বাবে যুঁজ দিছিল। তেওঁৰ জন্মভূমিত ৬০০ জন মুছলমান মাছমৰীয়াৰ স্বেচ্ছামূলক মৃত্যুৰ কাৰণ হৈছে গুজৰাটৰ বিজেপি চৰকাৰৰ চূড়ান্ত বৈষম্য।

পোৰবন্দৰৰ গোসাবাৰা আৰ্দ্ৰভূমিৰ মাছমৰীয়াসকলৰ নেতা আল্লাৰাখা ইছমাইল ভাই থিম্মাই বৃহস্পতিবাৰে গুজৰাট উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰি অভিযোগ উত্থাপন কৰে যে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা দিনক দিনে অৱনতি ঘটিছে।

ইয়াৰ কাৰণ হৈছে নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ দলৰ দ্বাৰা পৰিচালিত ৰাজ্য চৰকাৰৰ বৈষম্য। পৰিস্থিতি ইমানেই বেয়া যে জীৱিকা নিৰ্বাহ কৰাটো কঠিন হৈ পৰিছে। গতিকে আদালতে তেওঁক আৰু তেওঁৰ স’তে থকা ৬০০ জন লোকক স্বেচ্ছাই মৃত্যুৰ অনুমতি দিয়ে।

গোসাবৰা মুছলিম মাছমৰীয়া সমাজৰ দ্বাৰা উচ্চ ন্যায়ালয়তো একে ধৰণৰ আবেদন দাখিল কৰা হৈছে। সংগঠনটোৱে অভিযোগ কৰিছিল যে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ মাছমৰীয়াসকলক চৰকাৰে বঞ্চিত কৰি আছে। সেই সম্প্ৰদায়ৰ মাছমৰীয়াসকলক কোনো ধৰণৰ চৰকাৰী সহায় দিয়া হোৱা নাই। তেওঁলোকক বিভিন্ন ধৰণে হাৰাশাস্তি কৰা হৈছে।

আৱেদন অনুসৰি, সম্প্ৰদায়টো “ৰাজনৈতিক উৎপীড়ন”ৰ চিকাৰ । স্থানীয় প্ৰশাসনে তেওঁলোকক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছে। অঞ্চলটোৰ ১০০ টা পৰিয়ালৰ ৬০০ জন লোক মাছ ধৰা ব্যৱসায়ত জড়িত হৈ আছে। তেওঁলোকৰ ওচৰত মাছ ধৰাৰ বাবে মীন বিভাগৰ পৰা অনুমতি আছে। তাৰ স্বত্তেও গোচাবাৰা আৰু নভি বন্দৰত তেওঁলোকক নাও চলাবলৈ নিদিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষই।

পোৰবন্দৰৰ মুছলমান মাছমৰীয়াসকলে আদালতক জনাই যে তেওঁলোক ২০১৬ চনৰ পৰা এনে ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈছে।

আৱেদনকাৰী মাছমৰীয়াসকলৰ পৰামৰ্শদাতা ধৰ্মেশ গুৰ্জাৰে কয়, “২০১৬ চনৰ পৰা গোসাবাৰা বন্দৰত মুছলমান মাছমৰীয়াসকলৰ নাও চলাচল বন্ধ কৰি দিয়া হৈছে। অনুজ্ঞাপত্ৰও অনুমোদিত নহয়। “

থিম্মাৰ অভিযোগ , চৰকাৰে হিন্দু মাছমৰীয়াসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰি আছে, কিন্তু তেওঁলোকৰ ফালে কোনেও ঘূৰি চোৱা নাই। তেওঁ কয়, “আমাৰে ভাত মৰাৰ ব্যৱস্থা কৰা হৈছে। ”

মুছলমান মাছমৰীয়াসকলৰ অভিযোগ, উচ্চ কৰ্তৃপক্ষৰ ওচৰত বাৰে বাৰে আবেদন কৰা স্বত্বেও কোনো লাভ হোৱা নাই। অৱশ্যে, তেওঁলোক অবৈধ কাৰ্যকলাপৰ স’তে কোনো ধৰণে জড়িত নহয়। ইয়াৰ পৰিৱৰ্তে, তেওঁ সদায় পাকিস্তানৰ পৃষ্ঠপোষকতাত দুৰ্বৃত্তৰ চলাচলৰ বিষয়ে নিৰাপত্তা বাহিনীক অৱগত কৰে আৰু সহযোগিতা কৰে।

Exit mobile version