Indian Rupee Slumps : ভাৰতীয় অর্থনীতিত ৰাম টাঙোন, সর্বকালীন অভিলেখ ভংগ কৰি হ্ৰাস পালে ভাৰতীয় মুদ্রাৰ দৰ !

rupee gains 660 051319094936 082619013649

ভাৰতীয় অর্থনীতিত মাধমাৰ । ভাৰতীয় মুদ্রাৰ দাম ডলাৰৰ তুলনাত বহু পৰিমাণে হ্ৰাস পালে । সর্বকালীন অভিলেখ ভংগ কৰি এক ডলাৰৰ দাম বাঢ়ি হ’ল ভাৰতীয় মুদ্রাত ৭৭.৪২ টকা । ইয়াৰ পূৰ্বে কেতিয়াও ভাৰতীয় মুদ্রাৰ ইমান অবমূল্যায়ন হোৱা নাই ।

এসময়ত ভাৰতীয় মুদ্রাৰ অবমূল্যায়নক লৈ ইউপিএ চৰকাৰক কটাক্ষ কৰি বিজেপিয়ে তৎকালীন প্রধানমন্ত্রী মনমোহন সিঙৰ বয়সৰ তুলনা কৰিছিল । আজি সেই বিজেপিৰ শাসনকালতেই টকাৰ দাম সৰ্বাধিক তলত নামিল ।

ইপিনে, সপ্তাহৰ আৰম্ভণিৰ দিনাই শ্বেয়াৰ বজাৰৰ সূচক আছিল ৰঙা ৰেখাৰ তলত । আজি বিয়লি দুই বাজি ৪০ মিনিটত ব’ম্বে ষ্টক এক্সচেঞ্জত ০.৫৯ শতাংশ বা ৩২২.২৩ প‌ইন্ট পতন দেখা যায় বিগত ছেছনৰ তুলনাত । ইয়াৰ ফলত ছেনচেক্স হৈ ৫৪,৫১৩.৩৫ প‌ইন্ট । ইপিনে, নিফটিও ০.৬৩ শতাংশ বা ১০৩.২০ প‌ইন্ট হ্ৰাস পায় । ফলত নিফটি হয় ১৬,৩০৮.০৫ প‌ইন্ট ।

আজি নিফটি বেংকৰ সূচক পতন পায় ০.৭১ শতাংশ বা ২৪৫.৫৫ । ফলত ফটি বেংকৰ সূচক হয় ৩৪,৩৪৬.৬৫ প‌ইন্ট । আজিৰ আটাইতকৈ ভাল ছেক্টৰ আছিল নিফটি আইটি । ৫৮.৪৫ প‌ইন্ট বৃদ্ধি পায় আইটি ছেক্টৰত । ইয়াৰ ফলত আজি বজাৰত সৰ্বাধিক লাভৱান ছেক্টৰ আছিল এইটোৱে । নিফটি আইটি-ৰ সূচক হয় ৩০,৭৭৭.৯০ ।

ওপৰৰ ফালৰ পৰা আজিৰ আটাইতকৈ বেয়া ছেক্টৰ আছিল নিফটি এনার্জি । ৬৫১.৬০ প‌ইন্ট বা ২.৩ শতাংশ কমিছে । ইয়াৰ ফলত নিফটি আইটি হৈছে ২৭,৬৮৭.৪০ প‌ইন্ট ।

আনহাতে, আজি সৰ্বাধিক লাভৱান শ্বেয়াৰ আছিল পাৱাৰ গ্রিড কর্প’ৰেছন । যোৱা ছেছনৰ তুলনাত ৫.৩৫ টকা বা ২.২৪ শতাংশ বাঢ়িছে । ফলত পাৱাৰ গ্রিড কর্প’ৰেছনৰ শ্বেয়াৰৰ দৰ হয় ২৪৩.৭৫ টকা ।

ইপিনে, আজি সৰ্বাধিক লোকচানৰ মুখ দেখা সংস্থা হ’ল ৰিলায়েন্স । আজি বিগত ছেছনৰ তুলনাত ৮৯.৬৫ টকা বা ৩.৪২ শতাংশ কমিছে ৰিলায়েন্সৰ শ্বেয়াৰৰ দৰ । ইয়াৰ ফলত ৰিলায়েন্সৰ শ্বেয়াৰ দৰ হয় ২৫৩১.০০ টকা ।

Exit mobile version