Kruger National Park: ৰাজকীয় মেজাজত ৰাস্তাত চাৰিটা সিংহ,কিন্তু কত ?

1652080662 lion

জংঘলৰ ৰজাক ৰাজকীয় মেজাজত খোজ কঢ়া দেখা গ’ল দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় উদ্যান ক্ৰুগাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰাস্তাত। ৰাস্তাত এনেদৰে খোজ কঢ়াৰ ফলত ৰাস্তাত সৃষ্টি হয় যান-জঁটৰ ।

কিন্তু কাকো কোনো ধৰণৰ মনোযোগ নিদিয়াকৈ, ৰাজকীয় মেজাজত আগবাঢ়ি গ’ল চাৰিটা মতা সিংহৰ দল। তাৰে এটা আকৌ এটা বিৰল বগা সিংহ।এই চাৰিটা সিংহৰ কাণ্ডকাৰখানাৰ এটা ভিডিঅ’ ইতিমধ্যে নেটত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে এটা বগা সিংহসহ চাৰিটা মতা সিংহক ক্ৰুগাৰ নেচনেল পাৰ্কৰ ট্ৰেফিক পথত খোজ কাঢ়ি আছে ।

তেওঁলোকৰ গতিৰ স’তে সংগতি ৰাখি গাড়ী চলাই থকা দেখা যায় চালকসকলক । ভিডিঅ’টোত, দেখা যায় যে সিংহকেইটা কোনো অন্য ফালে লৰচৰ নকৰি নিজৰ মেজাজত, তেওঁলোকে লাহে লাহে তেওঁলোকৰ গন্তব্যস্থানৰ ফালে আগবাঢ়ে।

কিন্তু এনে দৃশ্য প্ৰতিদিনে দেখা নাযায়। আৰু সেইকাৰণে এই মুহূৰ্তটো ৰাস্তাত ৰৈ থকা সকলো যাত্ৰীয়ে নিজৰ কেমেৰাত বন্দী কৰা দেখা যায়।

Exit mobile version