Priyanka Chopra : কন্যাক ঘৰলৈ আনিলে প্রিয়ংকাই ,মাতৃদিৱসৰ দিনাই প্ৰকাশ্যত মালতিৰ প্ৰথম ফটো

1652072535 priyanka 5

মাতৃদিৱসত কন্যাক ঘৰলৈ আনিলে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে । চলিত বৰ্ষৰ জানুৱাৰী মাহত নিৰ্ধাৰিত সময়ৰ আগতে জন্ম হৈছিল তেওঁলোকৰ কন্যা মালতী মেৰী চোপ্ৰা ।

তাৰকা-দম্পতীহালে তেওঁক পৃথিৱীলৈ অনাৰ বাবে চাৰোগেচীৰ সহায় লৈছে। কিন্তু যোৱা ১০০ দিন ধৰি, শিশুটো নিউনেটাল ইনটেনছিভ কেয়াৰ ইউনিটত আছিল । তাৰ পাছত, যেতিয়া চিকিৎসকে শিশুটিক পৃথিৱীৰ পোহৰ চাবলৈ অনুমতি দিলে , এইয়ে প্ৰথম বাৰৰ বাবে প্ৰিয়ংকাই তেওঁৰ কন্যাক কোলাত ল’লে আৰু মাতৃত্বৰ সোৱাদ অনুভৱ কৰিলে।

মাতৃ দিৱসৰৰ দিনাই কেলিফৰ্ণিয়াৰ ঘৰত কোমল ৰ’দত কন্যাক কোলাত ল’লে অভিনেত্ৰীগৰাকীয়ে । প্ৰিয়ংকাৰ মুখত স্বৰ্গীয় সকাহ।

ইনষ্টাগ্ৰামত, সেই মধুৰ মিলনৰ ফটো শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰিল বার্তা। প্ৰিয়ংকাই লিখিছে, “মই নাজানো এই কেইমাহমানৰ ভিতৰত মই কিমান উত্থান-পতনৰ মাজেৰে পাৰ হৈছো। ১০০ দিনৰ অপেক্ষাৰ পাছত, আমি অৱশেষত আমাৰ সৰু ছোৱালীজনীক চিকিৎসালয়ৰ পৰা ঘৰলৈ আনিবলৈ সক্ষম হ’লোঁ। এই দীঘলীয়া পথটোৰ প্ৰতিটো পদক্ষেপত নিস্বাৰ্থ হোৱা সকলোকে আৰু কেলিফৰ্ণিয়াৰ সকলো চিকিৎসক আৰু নাৰ্ছক ধন্যবাদ। ‘

একে সময়তে, প্ৰিয়ংকাই লগতে কয় যে তেওঁলোকৰ সৰু ছোৱালীজনী বৰ দুষ্ট। তেওঁক ডাঙৰ-দীঘল কৰি জীৱনৰ দ্বিতীয় অধ্যায়টো আৰম্ভ কৰিবলৈ গৈ আছে। তেওঁ নিকৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰি কয়, “তুমি মোক মাতৃত্বৰ সোৱাদ দিলা, ধন্যবাদ নিক। ‘

Exit mobile version