Sedition Law : ৰাষ্ট্রদ্রোহ আইনৰ পুনর্বিবেচনা হ’ব, উচ্চতম ন্যায়ালয়ত হলফনামা মোদী চৰকাৰৰ

NPIC 2022588437

ৰাষ্ট্রদ্রোহ আইন সন্দৰ্ভত পুনর্বিবেচনা কৰিব কেন্দ্র‌ই । উচ্চতম ন্যায়ালয়ত জনালে মোদী চৰকাৰে । সোমবাৰে এটা হলফনামাযত কেন্দ্র‌ই শীৰ্ষ আদালতক কয়, “ভাৰতীয় দণ্ডবিধি ১২৪-ত (বিদ্রোহ) ধাৰাৰ পুনঃ পৰীক্ষা আৰু পুনর্বিবেচনাৰ সিদ্ধান্ত লোৱা হৈছে ।”

ৰাষ্ট্রদ্রোহ আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই একাধিক গোচৰ ৰুজু হৈছে উচ্চতম ন্যায়ালয়ত । শীৰ্ষ ন্যায়ালয়ত কেন্দ্র‌ই আগতে জনাইছিল যে, তেওঁলোক ৰাষ্ট্রদ্রোহ আইন বাতিলত সন্মত নহয় । উচ্চতম ন্যায়ালয়ত এটর্নি জেনেৰেল কে কে বেণুগোপালে জনায়, ৰাষ্ট্রদ্রোহ আইনৰ অন্তর্গত ভাৰতীয় দণ্ডবিধিৰ ১২৪(এ) ধাৰা প্রয়োগৰ ক্ষেত্রত সুনির্দিষ্ট নির্দেশনাৰ প্রয়োজন ।

গোচৰৰ শুনানি-পর্বত বেণুগোপালে সাম্প্রতিক কালত কে’বাটাও ক্ষেত্রত ৰাষ্ট্রদ্রোহ আইনৰ অপপ্রয়োগৰ কথাও কৈছে । তেওঁৰ অভিযোগ, মহাৰাষ্ট্রত হনুমান চালিশা পাঠৰ বাবেও অযৌক্তিকভাৱে ১২৪(এ) ধাৰাত ৰাষ্ট্রদ্রোহৰ অভিযোগ তোলা হৈছে । যদিও কৃষক আন্দোলনত হাৰিয়ানাত বিজেপি নেতা তথা ডেপুটি স্পিকাৰৰ গাড়ীৰ খিৰিকী ভঙাৰ বাবে আৰক্ষীয়ে ১০০ জন কৃষকৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ গোচৰ সম্পর্কত তেওঁ একো নজনায় ।

বিগত বৰ্ষত ৰাষ্ট্রদ্রোহ আইনৰ ‘অপব্যৱহাৰ’ৰ বিষয়ে উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্রক প্রশ্ন কৰিছিল, এসময়ত যিটো ৰাষ্ট্রদ্রোহ আইন বুলি মহাত্মা গান্ধী আৰু বাল গংগাধৰ তিলকৰ দৰে নেতাসকলক উৎপীড়ন কৰা হয়, সেই ‘ঔপনিৱেশিক’ আইন কিয় এতিয়াও ব্যৱহাৰ হ’ব । চৰকাৰৰ হাতত এই আইনৰ অপব্যৱহাৰৰ সম্ভাৱনা প্রসংগত মুখ্য ন্যায়াধীশে কৈছিল, “ৰাষ্ট্রদ্রোহ আইন হ’ল কাঠৰ মিস্ত্রীৰ হাতত কৰত তুলি দিয়াৰ দৰে ! তেওঁ কাঠৰ পৰিৱৰ্তে বন কাটি আনে !’’

Exit mobile version