Sri Lanka Crisis : প্রধানমন্ত্রীৰ পদত্যাগ, গণৰোষত মৃত্যু এমপি-ৰ, প্রাক্তন মন্ত্রীৰ বাসগৃহ জুই ! জ্বলিছে শ্রীলংকা

1455cd838c1e2cc4786de470b0d11fc9 original

শ্রীলংকাত শাসক দলৰ এজন এমপি-ৰ গণৰোষত মৃত্যুৰ পাছত এইবাৰ জ্বলাই দিয়া হ’ল আন এজন এমপি আৰু প্রাক্তন মন্ত্রীৰ বাসগৃহ । শ্রীলংকাৰ স্থানীয় সংবাদমাধ্যম মাৰফত প্রকাশ্যত অহা ভিডিঅ’ত মাউন্ট লাফিনিয়াত দেশৰ প্রাক্তন মন্ত্রী জনছন ফার্নাণ্ডোৰ বাসগৃহ জ্বলা দেখা গৈছে । শ্রীলংকাত আইনসভাত শাসক দলৰেই সদস্য সনৎ নিশান্তৰ আবাসগৃহতো বিক্ষোভকাৰীসকলে আক্রমণ কৰি জুই জ্বলাই দিছে বুলি অভিযোগ ।

বিগত কে’বা মাহ ধৰি অর্থনৈতিক সংকটত যুঁজি থকা শ্রীলংকাত প্রবল বিক্ষোভৰ সন্মুখীন হৈ সোমবাৰে প্রধানমন্ত্রীৰ পদৰ পৰা পদত্যাগ দিলে মাহিন্দা ৰাজাপক্ষেই । তেওঁৰ পদত্যাগৰ পাছতেই অমৰকীর্তি আতুকোহালা নামে শাসক দলৰ এজন এমপি-ৰ মৃত্যু হয় গণৰোষত ।

শ্রীলংকাৰ স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ, বিক্ষোভত গাড়ী আবদ্ধ হৈ যোৱাত তেওঁ বিক্ষোভকাৰীসকলক লক্ষ্য কৰি গুলি চলাইছিল । ইয়াৰ পাছতেই তেওঁৰ দেহ উদ্ধাৰ হয় ।

এই খবৰক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়তে এমপি সনৎ আৰু প্রাক্তন মন্ত্রী জনছনৰ বাসগৃহত বিক্ষোভকাৰীসকলৰ আক্রমণৰ খবৰ প্রকাশ্যত আহিল । স্থানীয় সংবাদমাধ্যমৰ দাবী, ৰাজাপক্ষেই পদত্যাগ কৰাৰ পাছতেই দেশৰ বিভিন্ন স্থানত শান্তিপূর্ণ বিক্ষোভকাৰীসকলৰ ওপৰত আক্রমণ চলায় শাসকদলৰ কর্মচাৰী-সমর্থকসকলে । ইয়াৰ পাছতেই আক্ৰমণমুখী হৈ শাসকদলৰ নেতাসকলৰ ওপৰত আক্ৰমণ চলোৱা আৰম্ভ কৰে বিক্ষোভকাৰীসকলে ।

Exit mobile version