অকলে বজাৰলৈ যোৱাৰো অনুমতি নাপায় দেশৰ ৪৪% মহিলাই ! কেন্দ্ৰৰ সমীক্ষাত চাঞ্চল্যকৰ দাবী

nj85cjag rajasthan women

দেশৰ প্ৰতি তিনিজনৰ ভিতৰত এগৰাকী (৩২%) মহিলা কৰ্মৰত। একে সময়তে, দেশৰ ৪৪ শতাংশ মহিলাই আনকি অকলে বজাৰলৈ যোৱাৰ অনুমতি নাপায় !

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা নতুন প্ৰতিবেদন অনুসৰি দেশৰ মহিলাসকলৰ স্থিতিৰ এনে আশ্চৰ্যজনক বিপৰীত ছবি প্ৰকাশ কৰিছে।

বিগত সপ্তাহতে প্ৰকাশিত হৈছে এই ৰিপৰ্ট । প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই । প্ৰতিবেদনত পোৱা গৈছে অন্য এটা তথ্য । তাত কোৱা হৈছে ,দেশৰ প্ৰতি পাঁচগৰাকী মহিলাৰ ভিতৰত চাৰিগৰাকীয়ে (৪২ শতাংশ) তেওঁলোকৰ স্বামীৰ স’তে যৌন সম্পৰ্কক পোনপটীয়াকৈ “না” ক’ব পাৰে।

এই তালিকাৰ শীৰ্ষত আছে গোৱা । তাত এই হাৰ ৯২ শতাংশ। আটাইতকৈ কম অৰুণাচল প্ৰদেশত আছে। সেয়া হৈছে ৬৩ শতাংশ।

তথ্য অনুসৰি,দুটা স্তৰত এই সমীক্ষা কৰা হৈছে। ২০১৯ চনৰ ১৭ জুনৰ পৰা ২০২০চনৰ ৩০ জানুৱাৰী পৰ্যন্ত চলোৱা হৈছে ১৭ ৰাজ্য আৰু পাঁচখন কেন্দ্ৰীয় শাসিত অঞ্চলত । ইফালে, দুই জানুৱাৰীৰ পৰা ২০২০ চনৰ ৩০ এপ্ৰিললৈ ১১ খন ৰাজ্য আৰু তিনি খন কেন্দ্ৰীয় শাসিত অঞ্চলত আন এটা সমীক্ষা কৰা হৈছিল।

সাম্প্ৰতিক ভাৰতত বাৰে বাৰে আলোচনাৰ বিষয় হৈ পৰিছে ‘বৈবাহিক ধৰ্ষণ’ নামৰ শব্দটো। যদি কোনো স্বামীয়ে তেওঁৰ পত্নীৰ স’তে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, ই এক শাস্তিযোগ্য অপৰাধ।

অৱশ্যে, এই অধ্যয়নৰ ফলাফলে দেখুৱাইছে যে বিবাহৰ দৰে অনুষ্ঠানত পুৰুষ আৰু মহিলা যি পৰিৱৰ্তন আনিছে সেইয়া স্পষ্ট হৈছে।

সমীক্ষা কেৱল মহিলাসকলকে নহয় পুৰুষকো প্ৰশ্ন কৰা হৈছে। তেওঁলোকক সোধা হৈছিল যে যদি পত্নীয়ে যৌন সম্ভোগ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁলোকে কি কৰা উচিত। তেওঁলোকক চাৰিটা বিকল্প দিয়া হৈছে। পত্নীৰ ওপৰত খং কৰা, টকা নিদিয়া, তাইক যৌন সম্ভোগ কৰিবলৈ বাধ্য কৰা, বা আন কাৰোবাৰ স’তে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা।

৭২% পুৰুষে কয় যে তেওঁলোকে চাৰিটা বিকল্পৰ এটাও সন্মত নহয়। প্ৰায় প্ৰতিখন ৰাজ্যতে এনে ধৰণৰ বিশ্বাসী লোক আছে। আনহাতে, ৬% পুৰুষে দাবী কৰে যে তেওঁলোকৰ এই পথবোৰৰ এটা বাছনি কৰাৰ অধিকাৰ আছে।

Exit mobile version