একেটা কোম্পানীতে ৮৪ বছৰ ধৰি কৰ্মৰত হৈ গিনীজ ৱৰ্ল্ড ৰেকৰ্ড ব্ৰাজিলৰ এই ব্যক্তিৰ

Screenshot 353

আজিৰ তীব্র প্রতিযােগিতামূলক জীৱনত সৰহ সংখ্যক লােকে কর্মক্ষেত্ৰত কম সময়তে অধিক সফলতা অর্জন কৰিব বিচাৰে। কর্মজীৱনত উন্নতি বিচাৰি বহু লােকে এটাৰ পাছত আন এটা চাকৰি কৰে।

বিশেষকৈ ব্যক্তিগত খণ্ডত নিয়ােজিত লােকে আন কোনাে প্রতিষ্ঠানত অধিক বেতন,পদোন্নতি আৰু আন সুবিধা লাভ কৰিলে চাকৰি সলনি কৰে। কর্মক্ষেত্ৰত এয়া এক স্বাভাৱিক ঘটনা।

কিন্তু আপুনি এজন মানুহে জীৱনৰ ৮৪ বছৰ ধৰি এটা প্রতিষ্ঠানতে চাকৰি কৰাৰ কথা কেতিয়াবা ক’ৰবাত শুনিছে নে ? হয়, ব্রাজিলত আছে এনে এজন ব্যক্তি। এইজন ব্যক্তিয়ে ৮৪ বছৰ ধৰি এটা প্ৰতিষ্ঠানতে কাম কৰি আহিছে।

১০০ বছৰ বয়সীয়া এই ব্যক্তিয়ে গিনীজ ৱর্ল্ড ৰেকৰ্ডছতাে স্থান লাভ কৰিছে।গিনীজ ব’র্ল্ড ৰেকৰ্ডছৰ তথ্য অনুসৰি, ৱাল্টাৰ অৰ্থমেন নামৰ শতায়ু বয়সৰ ব্যক্তিজনে একেটা প্রতিষ্ঠানতে ৮৪ বছৰ ন দিন কাম কৰি বিশ্ব অভিলেখ ৰচনা কৰিলে।

ব্রাজিলৰ ছাণ্টা কেটৰিনাৰ এখন সৰু চহৰ ব্লুক্সত জন্ম হৈছিল ৱাল্টাৰৰ ।সৰুৰে পৰা ৱাল্টাৰ পঢ়া-শুনাত বৰ ভাল আছিল। ৱাল্টাৰে যিকোনাে কাম অতি নিষ্ঠাৰে সম্পন্ন কৰিছিল। পৰিয়ালৰ আর্থিক অৱস্থা দুর্বল হােৱাৰ বাবে ৱাল্টাৰে ১৫ বছৰ বয়সৰ পৰা চাকৰি কৰিবলৈ আৰম্ভ কৰিছিল।

১৯৩৮ বৰ্ষত ৱাল্টাৰে বস্ত্ৰ উদ্যোগ ইণ্ডাষ্ট্রিয়াছ ৰেন’ক্সত কৰ্মচাৰী হিচাপে যােগদান কৰিছিল। যােগ্যতা আৰু কর্মদক্ষতাৰ বলত অতি কম সময়তে ৱাল্টাৰে পদোন্নতি লাভ কৰি ছেলছ মেনেজাৰ নিযুক্ত হৈছিল।

তেতিয়াৰে পৰা ৱাল্টাৰ উক্ত কোম্পানীৰ ছেলছ মেনেজাৰ হৈ আছে। বিগত ৮৪ বছৰ ধৰি ৱাল্টাৰ একেটা প্রতিষ্ঠানতে কাম কৰি আছে আৰু আজি এশ বছৰ বয়সতাে তেওঁ কৰ্মৰত হৈ আছে। বর্তমানে কোম্পানীতে ৰেন’ক্স ব্য’ নামৰে পৰিচিত।

বাল্টাৰে কয়, ‘মই জীৱনত কেতিয়াও কোনাে পৰিকল্পনা কৰি আগবঢ়া নাই। কাইলৈৰ কথা মই ভাবাে। মই জানাে যে কাইলৈ এটি নতুন দিন হ’ব আৰু মই পুৱা সাৰ পাম, ব্যায়াম কৰিম আৰু কর্মক্ষেত্ৰলৈ যাম। মানুহে আজিৰ কথাহে ভাবিব লাগে, অতীত বা ভৱিষ্যতৰ কথা ভাবি সময় নষ্ট কৰা অনুচিত।’

Exit mobile version