আফগানিস্তানত মহিলাৰ বাবে পাঁচ নিয়ম বলৱৎ তালিবান চৰকাৰৰ

AP22127432965817

আফগানিস্তানৰ তালিবান চৰকাৰে এইবাৰ মহিলাৰ বাবে কেতবোৰ বিশেষ নীতি-নিয়ম ঘোষণা কৰিলে । এইসমূহ নিয়ম দেশখনৰ মহিলাসকলে পালন কৰাটো বাধ্যতামূলক আৰু অন্যথা কঠোৰ শাস্তি বিহা হ’ব বুলিও তালিবান চৰকাৰে ঘোষণা কৰিছে ।

প্ৰথম নিয়ম অনুসৰি তালিবানে কন্যা সন্তানৰ বাবে পৃথক বিদ্যালয়ৰ নিৰ্দেশনা জাৰি কৰিছে । এতিয়াৰে পৰা পাকিস্তানত কন্যা সন্তানে পুৰুষৰ স’তে একেলগে পাঠ গ্ৰহণ কৰিব নোৱাৰিব ।

সহশিক্ষা ব্যৱস্থা আফগানিস্তানত এতিয়াৰে পৰা নাথাকিব । তালিবানে লগতে কন্যা সন্তানক ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়নৰ অনুমতি দিছে । তালিবান চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি দেশখনৰ মহিলাই এতিয়াৰে পৰা চৰকাৰী চাকৰি কৰিব নোৱাৰিব ।

তদুপৰি মহিলাক প্ৰদান কৰা নহ’ব গাড়ীচালকৰ অনুজ্ঞাপত্ৰ । আফগান মহিলাই পুৰুষ সদস্যৰ অবিহনে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব । মহিলাসকলক ৰাজহুৱা ‌স্থানত শৰীৰ সম্পূৰ্ণকৈ ঢাকি বোৰ্খা পৰিধান কৰিবলৈকো তালিবান চৰকাৰে শেহতীয়াভাৱে নিৰ্দেশ দিছে ।

Exit mobile version