Cyclone Asani Effect : ঘূৰ্ণিবতাহ ‘অশনি’ত উত্তাল পুৰী, জাৰি সতর্কতা

cyclone20220508205237 0 647x363 1

ঘূর্ণিবতাহ ‘অশনি’ৰ পৰিপ্রেক্ষিতত আগতীয়াকৈ সতর্কতা জাৰি কৰা হৈছে উৰিষ্যাৰ উপকূলত । মৎস্যজীৱীসকলক সমুদ্রত যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । ঢৌত উত্তাল পুৰীৰ সমুদ্র সৈকতৰ পৰা পর্যটকসকলক আঁতৰাই অনাৰ কাম আৰম্ভ কৰিছে প্রশাসনে । চলিছে মাইকিং । আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্মচাৰী মোতায়েন কৰা হৈছে । চাইৰেন বজাই ৰঙা পতাকা দেখুৱাই সতর্ক কৰা হৈছে পর্যটকসকলক ।

তৎসত্ত্বেও মেঘাচ্ছন্ন আকাশক লৈ উত্তাল পুৰীৰ সমুদ্র সৈকত ত্যাগ কৰিবলগীয়া হোৱাত দুঃখিত পর্যটকসকল । কোনোৱে কৈছে, “এইটোৱেটো আনন্দৰ সময় !” কোনোৱে আকৌ ইচ্ছা নাথাকিলেও আৰক্ষীৰ ঠেলা খাই বাধ্য হৈ হোটেলমুখী হৈছে ।

ঘূর্ণিবতাহ ‘অশনি’ৰ শক্তি অৱশ্যে কিছু হ্রাস পাইছে । বতৰ বিজ্ঞানীসকলৰ পূর্বাভাস, ক্রমশ গভীৰ নিম্নচাপত পৰিণত হ’ব ‘অশনি’ । অৱশ্যে মঙলবাৰে দুপৰীয়া পুৰীৰ সমুদ্রত জোৰ বতাহ আৰু উত্তাল ঢৌ দেখি পর্যটকসকলক আঁতৰাই দিয়া হৈছে । সেয়ে যেন কিছু অসন্তুষ্ট পর্যটকসকল ।

কোনো কোনোৱে অনিচ্ছা সত্ত্বেও সমুদ্র-বিলাস এৰি হোটেলৰ দিশে উভতিছে । কোনোক আকৌ দেখা গ’ল আৰক্ষীৰ স’তে ‘লুকাভাকু’ খেলিছে । কোনো কোনোৱে আকৌ আৰক্ষীৰ চাইৰেন, অনুৰোধ-আবেদনৰ পাছতো সমুদ্র সৈকততে ৰৈ আছে ।

Exit mobile version