Mohali Blast : পঞ্জাৱৰ চোৰাংচোৱা সদৰত গ্রেনেড আক্ৰমণক ‘ক্ষুদ্ৰ বিস্ফোৰণ’ ক’লে আৰক্ষীয়ে, চলিছে ফৰেন্সিক পৰীক্ষা

পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা সদৰ দপ্তৰত সোমবাৰে সন্ধিয়া গ্রেনেড আক্ৰমণক ‘ক্ষুদ্ৰ বিস্ফোৰণ’ বুলি ক’লে আৰক্ষীয়ে । ৰকেট চালিত গ্রেনেড আক্ৰমণত দপ্তৰৰ কাচৰ খিৰিকী তছনছ হৈ যায় যদিও, হতাহতৰ কোনো খবৰ নাই ।

প্রাথমিকভাৱে, পথৰ পৰা সদৰ দপ্তৰত লক্ষ্য কৰি গ্রেনেডটো প্ৰক্ষেপ কৰা হৈছিল । ফৰেন্সিক বিশেষজ্ঞসকল তদন্তত নামিছে ।

মোহালি আৰক্ষীৰ তৰফৰ পৰা বিবৃতিত কোৱা হৈছে, ‘ছেক্টৰ ৭৭-ত এছএএছ নগৰত পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা সদৰ দপ্তৰত সন্ধিয়া প্ৰায় আঠ বজাত এটা সৰু বিস্ফোৰণ হয় । তাত বিশেষ কোনো ক্ষয়ক্ষতি হোৱা নাই । প্রবীন আৰক্ষী বিষয়াসকল ঘটনাস্থলত উপস্থিত হয় আৰু প্রাথমিক তদন্তৰ কাম আৰম্ভ কৰে । ফৰেন্সিক দলেও কাম আৰম্ভ কৰিছে ।’

ঘটনাৰ পাছতেই আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ছিল কৰিছে । সতর্কবার্তাও জাৰি কৰা হয় । ফৰেন্সিক ছায়েন্স লেবৰেটৰীৰ এটা দল ঘটনাস্থলত উপস্থিত হয় ।

এই বিষয়ত মুখ খুলিছে পঞ্জাৱৰ মুখ্যমন্ত্রীয়ে । টুইট কৰাৰ লগতে ভগৱন্ত মানে কয়, “ঘটনাত জড়িত সন্দেহত ইতিমধ্যে কে’বাজনকো গ্রেপ্তাৰ কৰা হৈছে । বাকীসকলকো দ্রুত আটক কৰা হ’ব ।”

এজন আৰক্ষী বিষয়াই সংবাদ সংস্থাক কয়, “ৰকেট চালিত গ্রেনেড বিস্ফোৰণ ঘটোৱা হৈছে । হতাহতৰ কোনো খবৰ নাই ।”

Exit mobile version