Mohali Second Blast : মোহালিত দ্বিতীয় বিস্ফোৰণ হোৱা নাই, জনালে এএনআই-য়ে

1652174650 mohali

সোমবাৰে নিশাৰ পাছত পুনৰ মঙলবাৰে দুপৰীয়া মোহালিত বিস্ফোৰণ হৈছে বুলি দাবী কৰিছিল ৰাষ্ট্ৰীয় স্তৰৰ কে’বাটাও সংবাদ সংস্থাই । সংবাদটো ভুৱা বুলি জনালে এএনআই-য়ে । এজন আৰক্ষী বিষয়াক উদ্ধৃত কৰি তেওঁলোকে জনাইছে, মোহালিত কোনো দ্বিতীয় বিস্ফোৰণ হোৱা নাই । এই সংক্রান্তত যি ভিডিঅ’ প্রকাশ্যত আহিছে সেইটো আগদিনাৰেই । ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ চোৰাংচোৱাসকল এতিয়াও তাতে আছে । তেওঁলোকে তদন্তও আৰম্ভ কৰিছে ।

মঙলবাৰে দুপৰীয়া হঠাৎ ৰাষ্ট্ৰীয় স্তৰৰ কে’বাটাও সংবাদ মাধ্যমে দাবী কৰে মাত্র ১৮ ঘণ্টাৰ ব্যৱধানতে মোহালিত একেই স্থানতে দ্বিতীয় বিস্ফোৰণ ঘটিছে । এই সংক্রান্তত এটা ভিডিঅ’ও প্রকাশ কৰি তেওঁলোকে দাবী কৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ চোৰাংচোৱাসকল ঘটনাস্থলত উপস্থিত হৈছে । সংবাদ সংস্থা এএনআই-য়ে কিছু সময়ৰ পাছতেই জনায়, খবৰটো সঠিক নহয় ।

প্রসংগত, সোমবাৰে নিশা প্ৰায় আঠ বজাত ৰকেট চালিত গ্রেনেড আক্ৰমণ কৰা হয় মোহালিৰ এই চোৰাংচোৱা দপ্তৰত । ঘটনাত দপ্তৰৰ কাচৰ খিৰিকী তছনছ হয় যদিও, হতাহতৰ কোনো খবৰ পোৱা নাযায় । ঘটনাটো মোহালি আৰক্ষীয়ে সৰু বিস্ফোৰণ বুলি জনালেও পাছত তদন্তত নামে ফৰেন্সিক বিশেষজ্ঞসকলে ।

Exit mobile version