Pulitzer Prize 2022 : ক’ভিড পৰিস্থিতিত বাতৰি সংগ্রহৰ স্বীকৃতি, মৰণোত্তৰ পুলিৎজাৰ প্ৰদান দানিশ ছিদ্দিকীসহ চাৰি ভাৰতীয়ক

pulitzer prize winning indian photojournalist danish siddiqui killed in afghanistan

চলিত বৰ্ষত মৰণোত্তৰ পুলিৎজাৰ বঁটা লাভ কৰিলে ভাৰতীয় চিত্র সাংবাদিক দানিশ ছিদ্দিকীয়ে । এইবাৰক লৈ তেওঁক দ্বিতীয়বাৰ পুলিৎজাৰ বঁটা দিয়া হ’ল । তেওঁ ৰয়টাৰ্ছ সংবাদ সংস্থাৰ চিত্র সাংবাদিক আছিল ।

ভাৰতত কৰ’না পৰিস্থিতিৰ খবৰ সংগ্রহৰ বাবে তেওঁক এই সন্মান প্রদান কৰা হ’ল । ইয়ায় আগতে ৰোহিংগিয়া শৰণার্থী সংকটৰ ছবি বিশ্ববাসীৰ আগত দাঙি ধৰাৰ বাবে ২০১৮ত প্রথম ভাৰতীয় হিচাপে দানিশ আৰু আদনান আবিদিক পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছিল । ২০২১ৰ ১৬ জুলাইত কন্দহৰত আফগান বাহিনী আৰু তালিবানৰ সংঘাতৰ খবৰ কৰিবলৈ গৈ নিহত হয় দানিশ ।

দানিশৰ লগতে ক’ভিড পৰিস্থিতিত বিশেষ অৱদানৰ বাবে আদনান আবিদি, ছান্না ইৰশাদ মাট্টু আৰু অমিত ডাভেকো চলিত বৰ্ষত পুলিৎজাৰ বঁটা দিয়া হৈছে । আদনানৰো এইটো দ্বিতীয় পুলিৎজাৰ ।

সাংবাদিকতা, কিতাপ লিখা, নাটক আৰু সংগীত জগতত বিশেষ অৱদানৰ বাবে পুলিৎজাৰ বঁটা দিয়া হয় ।

কিভ-মস্কো সংঘাতত সাংবাদিকতাৰ অনবদ্য নিদর্শনৰ বাবে পুলিৎজাৰ মঞ্চত ইউক্রেইনৰ সাংবাদিকসকলৰ কথা উল্লেখ কৰি বিশেষ সন্মান দিয়া হয় ।

Exit mobile version