অসমৰ পৰা চাইকেলেৰে চিৰাঙৰ তিনি যুৱকৰ লাডাখলৈ যাত্ৰা

অসমৰ পৰা সজাগতামুলক বাৰ্তা লৈ চাইকেলেৰে চিৰাঙৰ তিনি যুৱকৰ লাডাখলৈ যাত্ৰা।পুৱা চিৰাঙৰ বৰতালোৱাৰ পৰা এই যাত্ৰা আৰম্ভ কৰে যুৱক তিনিজনে।

যুৱক তিনিজনৰ ভিতৰত আছে চিৰাঙৰ ছাতিপুৰৰ পৰা আব্দুল মান্নান,বৰপেটা বালাপাৰাৰ মিনহাজ আলী আৰু বৰপেটা ভেৰগাঁওৰ ৰকিবুল ইচলাম।

তিনিওজন চাইকেলেৰে একেলগে ওলালেও তিনিজনেই পৃথকে পৃথকে একো একোটা বাৰ্তা লৈ ওলাইছে ক্ৰমে “শ্লো ড্ৰাইভ লং লাইফ”,ছেভ নেচাৰ ছেভ ৱাটাৰ আৰু চেভ নেচাৰ চেভ লাইফ” এই বাৰ্তা চিৰাঙৰ পৰা লাডাখলৈ লৈ যোৱাৰ মানসেৰে চাইকেল চলাই ওলাইছে এই তিনিজনকৈ যুৱক।

Exit mobile version