উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল

হিন্দুক 'সংখ্যালঘু’ মর্যাদা প্রদানৰ বিষয়ে কেন্দ্রীয় চৰকাৰে পুনর্বিবেচনা কৰিব

1616066711 supreme court 4

একাংশ ৰাজ্যত হিন্দুসকলক সংখ্যালঘু মর্যাদা প্রদানৰ বিষয়টো পুনর্বিবেচনা কৰিব কেন্দ্রীয় চৰকাৰে। যিসমূহ ৰাজ্যত হিন্দু সম্প্রদায়ৰ বসবাস তুলনামূলকভাৱে কম, সেই ৰাজ্যসমূহৰ স’তে এই বিষয়ত কেন্দ্রই আলােচনা কৰিব। কালি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি এই কথা জনালে কেন্দ্রই।

উচ্চতম ন্যায়ালয়ক মঙলবাৰে কেন্দ্রই জনায় যে ভৱিষ্যতে দেশত সৃষ্টি হ’ব পৰা অনিচ্ছাকৃত জটিলতা এৰাই চলাৰ বাবেই সংশ্লিষ্ট বিষয়ত এক নতুন শপতনামা দাখিল কৰিছে। ইয়াৰ পূর্বে যােৱা ২৭ মার্চত এই সন্দৰ্ভত দাখিল হােৱা একাংশ লেখ আবেদনৰ বিৰােধিতা কৰিছিল কেন্দ্রই।

শপতামাত কোৱা হৈছিল যে খ্রীষ্টান, শিখ, মুছলমান, বৌদ্ধ, পাৰ্ছি আৰু জৈন— এই ছয় সম্প্রদায়ক ৰাষ্ট্ৰীয় স্তৰত সংখ্যালঘুৰূপে গণ্য কৰা হয়। অৱশ্যে য’ত হিন্দু সম্প্রদায়ৰ লােকৰ বসবাস কম, সেই অঞ্চলৰ হিন্দুসকলক সংখ্যালঘু মর্যাদা প্রদানৰ ক্ষেত্ৰত সিদ্ধান্ত গ্রহণ কৰিব পাৰে সংশ্লিষ্ট ৰাজ্য বা কেন্দ্রীয়শাসিত অঞ্চলসমূহে।

ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত হিন্দুসকলক এক ধর্মীয় বা ভাষাগত সংখ্যালঘুৰূপে গণ্য কৰিব পাৰি, যদিহে সংশ্লিষ্ট অঞ্চলত হিন্দুৰ সংখ্যা কম থাকে। উদাহৰণস্বৰূপে ২০১৬ত মহাৰাষ্ট্ৰ চৰকাৰে ইহুদীসকলক সংখ্যালঘু মর্যাদা প্রদান কৰাৰ কথা উল্লেখ কৰিছে কেন্দ্রই।

ইয়াৰ বিপৰীতে কালি নতুনকৈ দিয়া শপতনামাত কেন্দ্রই জনায় যে সংখ্যালঘু প্ৰদানৰ বিষয়টো কেন্দ্ৰৰ হাতত ন্যস্ত থাকিলেও কেন্দ্রীয় চৰকাৰে এই বিষয়ত ৰাজ্য চৰকাৰসমূহৰ স’তে বিশদভাৱে আলােচনা কৰিব বিচাৰে। উল্লেখ্য যে প্রতিখন ৰাজ্যতে জনসংখ্যাৰ ভিত্তিত ধর্মীয় সংখ্যালঘুসকলৰ শ্ৰেণী ভাগ কৰাৰ বাবে বিজেপি নেতা তথা আইনজীৱী অশ্বিনী কুমাৰ উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল।

নেচনেল কমিচন ফৰ মাইন’ৰিটী এডুকেচ্ছনেল ইনষ্টিটিউছনছ (এনচিএনইআই) এক্ট-২০০৪ৰ ধাৰা ২ (এফ)ৰ বৈধতাক প্রত্যাহ্বান জনাই উক্ত মামলা হয়। উক্ত ধাৰা অনুসৰি, মুছলমান,শিখ, খ্রীষ্টান, বৌদ্ধ আৰু পাছিসকলে সংখ্যালঘু আখ্যা পায়-দেশত। অথচ মামলাকাৰীয়ে দাবী জনায় যে দেশৰ মুঠ নখন ৰাজ্যত হিন্দুসকলাে সংখ্যালঘু।

Exit mobile version