গুৰুতৰ অসুস্থ পুটিন !

Putin 2

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ অসুস্থতাক লৈ চাৰিওফালে এতিয়া বৃদ্ধি পাইছে উৰা বাতৰি ।বিগত মাৰ্চ মাহত,”ফাইভ আইজ” নামৰ পাঁচ ৰাষ্ট্ৰৰ চোৰাংচোৱা মিত্ৰজোঁটে দাবী কৰিছিল যে পুটিন কৰ্কট ৰোগত আক্ৰান্ত।

তাৰ পাছৰ পৰাই, সন্দেহবোৰ যে অধিক শক্তিশালী হৈ উঠিছে। এইবাৰ, ৰাছিয়াত বিজয় দিৱস উদযাপনৰ মঞ্চত পুটিনৰ “অস্বাভাৱিক” আচৰণক লৈ সমালোচনা বৃদ্ধি পাইছে।

তথ্য অনুসৰি,কৰ্কট ৰোগৰ উপৰিও, পুটিন পাৰ্কিনছনৰ দৰে ৰোগত আক্ৰান্ত আৰু তাৰ বাবে তেওঁৰ শাৰীৰিক অস্থিৰতা বৃদ্ধি পাইছে। যিটো বিজয় দিৱসৰ অনুষ্ঠানত অধিক স্পষ্ট হৈছে ।

সেইদিনা দেখা যায়,ৰেড স্কোৱেৰত পেৰেডৰ সময়ত মঞ্চত বহি থকা পুটিনে ডাঠ সেউজীয়া জেকেট পিন্ধি আছিল। মঞ্চত থকা বাকী লোকসকলৰ শৰীৰত পাতল শীতৰ কাপোৰ আছিল আৰু পুটিনৰ জেকেটৰ লগতে তেওঁৰ কোলাৰ ওপৰত ভাঁজ কৰি ৰখা হৈছিল এখন কম্বল।

https://twitter.com/Top_dog_mindset/status/1523761745919381505?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1523761745919381505%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.sangbadpratidin.in%2Fworld%2Fvladimir-putin-sparks-more-health-rumours%2F

সেইদিনা তাপমাত্ৰা আছিল ন ডিগ্ৰী চেলচিয়াছ। যিটো সেই দেশখনৰ বাবে অতি ঠাণ্ডা দিন নহয়।কিছুদিনৰ আগতে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছিল চাঞ্চল্যকৰ বাতৰি ।তাত দাবী কৰা হৈছিল যে ইউক্ৰেইন যুদ্ধৰ মাজতে অস্ত্ৰোপচাৰৰ বাবে সোনকালেই অন্তধ্যান হ’ব পাৰে পুটিন।

কৰ্কট ৰোগ আৰু পাৰ্কিনছনৰ উপৰিও, পুটিন ডিমেনচিয়াৰ দৰে স্নায়ুৰোগত আক্ৰান্ত পুটিন। তথ্য অনুসৰি তেওঁৰ মুখ আৰু শৰীৰৰ আন অংশতো ফুলি যোৱা দেখা গৈছে। আনকি তেওঁৰ আচৰণো “অস্বাভাৱিক” বুলি তেওঁৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰিছে।

সৰ্বোপৰি, পুটিনৰ শাৰীৰিক অৱস্থাৰ বিষয়ে উৰাবাতৰি বৃদ্ধি আহিছে।যি নতুন মাত্ৰা পালে বিজয় দিৱসৰ ফুটেজ ওলাই অহাৰ পাছত ।

Exit mobile version