চিৰাঙৰ দাদগিৰিত উত্তপ্ত পৰিস্থিতি

ভূটানী ডাম্পাৰে মহতিয়ালে পথচাৰীক, থিতাতে নিহত

ভূটানী ডাম্পাৰে মহতিয়াই নিলে পথচাৰীক ফলত ঘটনাস্থলীত থিতাতে নিহত এজন ।

নিহত লোকজনক দাদগিৰি অঞ্চলৰ দেবাংগী গাঁৱৰ সোমেশ্বৰ নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ লৈ ভূটানৰ দিশে পলায়ন ।

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকে মৃতদেহ পথৰ ওপৰত থৈ ভাৰত-ভূটান সংযোগী আন্তৰ্জাতিক ডাণ্টক পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ফলত কে’বা ঘন্টাজুৰি পথছোৱাৰ যাতায়াত ব্যাহত হৈ পৰে ।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলা সদৰ কাজলগাঁৱৰ পৰা উচ্চপদস্থ আৰক্ষী বিষয়া আৰু দণ্ডাধীশ উপস্থিত হৈ উত্তেজিত লোকৰ স’তে আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

স্থানীয় লোকৰ অভিযোগ, পৰিবহণ নিয়ম উলংঘা কৰি অতিৰিক্ত শিল-বালি কঢ়িয়াই নিয়ে তীব্ৰবেগী ভূটানী ডাম্পাৰসমূহকে ।

কাৰণ, ভূটানী বাহনেৰে দুৰ্ঘটনাত পতিত হৈ কোনো ভাৰতীয় নাগৰিকৰ মৃত্যু হ’লে কোনো ধৰণৰ বীমাৰ ধন লাভ নকৰে মৃতকৰ পৰিয়ালে ।

Exit mobile version