দীপৰ বিল সুৰক্ষা মঞ্চৰ উদ্যোগত মইনাখোৰোঙত গছপুলি ৰোপন

jpg

প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলৰ স্বাভাৱিক জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে নতুনকৈ গঠন হোৱা দীপৰ বিল সুৰক্ষা মঞ্চই ছাত্ৰ-ছাত্রীকে ধৰি সাধাৰণ ৰাইজৰ মাজত পৰিৱেশ সচেতনতা সৃষ্টিৰ বাবে ব্যাপক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে দীপৰ বিলৰ কাষৰীয়া আৰু গড়চুকৰ সমীপৰ ম‌ইনাখোৰোং পদ্মৰাম ভড়ালী খেলপথাৰত আজি গছপুলি ৰোপন কৰা হয় ।

ইয়ং গ্ৰীণ ক্লাৱৰ সৌজন্যত খেলপথাৰত অনুষ্ঠিত ৪৭ সংখ্যক পূৱ ৰামছাৰাণী বিহু সন্মিলনীৰ বহাগী উৎসৱৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয় । এটি শেৱালি ফুলৰ পুলি ৰোপন কৰি গছপুলি ৰোপন কাৰ্যসূচীৰ আৰম্ভ কৰে ইয়ং গ্ৰীণ ক্লাৱৰ সভাপতি বিষ্ণু প্ৰসাদ বড়োৱে ।

এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, সহকাৰী সম্পাদকদ্বয় সুশীল টেৰণ আৰু ধীৰাজ টুমুং, সাংগঠনিক সম্পাদক প্ৰমিলা টেৰণ, ইয়ং গ্ৰীণ ক্লাৱৰ প্ৰাক্তন সভাপতি উৎপল কুমাৰ দাসকে ধৰি কে’বাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

আনহাতে, আজি প্ৰথম দিনাই খেলপথাৰ চৌহদত শেৱালি ফুল, জাম, অগৰু আৰু বকুলৰ ১০টা পুলি ৰোপন কৰা হয় । মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে, ১৪ মে’ত পুৱা ন বাজি ৩০ মিনিটত দীপৰ বিলৰ কাষৰীয়া দেউছতাল নৱজ্যোতি সংঘ খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হ’বলগীয়া বহাগী বিদায়ী সন্মিলনৰ পতাকা উত্তোলনৰ পাছতে গছপুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে ।

Exit mobile version