দুমাহত সোণৰ মূল্য ৫০০০ টকা হ্ৰাস পালে

386951 8884866 updates

ভাৰতীয় বজাৰত সােণ আৰু ৰূপৰ মূল্য পুনৰ সামান্য বৃদ্ধি হ’বলৈ ধৰিছে। মঙলবাৰে বজাৰত প্রতি ১০ গ্রাম সােণৰ মূল্য ০.০৮ শতাংশ বৃদ্ধিৰে ৫০,৯৯৮ টকা হ’ল।

আনহাতে, দেশৰ বজাৰত কালি প্রতি কিলােগ্রাম ৰূপৰ মূল্য ০.৫৯ শতাংশ বৃদ্ধিৰে ৬১,৮৬০ টকা হ’ল। এপ্রিলৰ অন্তিম সপ্তাহৰ পৰা মে’ৰ প্রথম সপ্তাহলৈকে দেশৰ বজাৰত সােণৰ মূল্য হ্রাস অব্যাহত আছিল।

মাৰ্চৰ আৰম্ভণিতে প্রতি ১০ গ্রাম সােণৰ মূল্য ৫৬,০০০ টকালৈ বৃদ্ধি পাইছিল। বিগত দুমাহত ভাৰতীয় বজাৰত সােণৰ মূল্য প্রায় ৫০০০ টকা হ্রাস পালে। সম্প্রতি ২২ কেৰেটৰ প্রতি ১০ গ্রাম সােণৰ মূল্য ৪৭,১৬১ টকাৰ আশে-পাশে আছে।

মঙলবাৰে ২৪ কেৰেটৰ সোেণৰ মূল্য সামান্য বৃদ্ধিৰে ১০ গ্রামত ৫১,৪৮৬ টকা হ’ল। আনহাতে, ২৩ কেৰেটৰ ১০ গ্রাম সােণৰ মূল্য ৫১,২৮০ টকা, ২২ কেৰেটৰ ১০ গ্রাম সােণৰ মূল্য ৪৭,১৬১ টকা, ২০ কেৰেটৰ প্রতি ১০ গ্রাম সােণৰ মূল্য ৩৮,৬১৫ টকা আৰু ১৪ কেৰেটৰ প্রতি ১০ গ্রাম সােণৰ মূল্য ৩০,১১৯ টকা হ’ল।

Exit mobile version