বাগসাত শিক্ষকৰ ৰূপত মন্ত্ৰী ইউ জি ব্ৰহ্ম

যুৱক-যুৱতীসকলে আলফাত যোগদান কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ব্ৰহ্মৰ

WhatsApp Image 2022 05 11 at 6.51.34 PM

শিক্ষকৰ ৰূপত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷ বাগসাত আজি শিক্ষকৰ ৰূপত দেখা গ’ল মন্ত্ৰীগৰাকীক ৷ জিলাখনৰ জালাহ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আঙুলিয়া প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে মন্ত্ৰী ব্ৰহ্মই ৷ বিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক মন্ত্ৰীগৰাকীয়ে বড়ো ভাষাত পাঠদান কৰে ।

উল্লেখ্য যে বাগসা জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বিটিচিৰ ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কে’বাটাও স্থানত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে আঙুলিয়া প্ৰাথমিক বিদ্যালয়ত কিছু সময় ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি কয় যে শিক্ষকসকলে এটা নিৰ্দিষ্ট লক্ষ্য লৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব লাগে ৷ তেতিয়াহে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব ৷

মন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে একাংশ যুৱক-যুৱতী আলফা স্বাধীনত যোগদান কৰা কাৰ্যৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীয়ে আলফাৰ জন্মৰ সময়ত সদস্য ভৰ্তিৰ লক্ষ্যৰ লগত বৰ্তমানৰ লক্ষ্যৰ কোনো মিল নাই বুলি মন্তব্য কৰে ৷ মন্ত্ৰী ব্ৰহ্ম‌ই আলোচনাৰ কথা কৈ পৰেশ বৰুৱাই নতুনকৈ সদস্য ভৰ্তি কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷

আনহাতে, বিটিচিত হাগ্ৰামাৰ নেতৃত্বত পুনৰ বিটিচি পৰিষদ গঠন কৰিব বুলি চৰ্চা চলা বিষয়ক আকাশত চাং পতা বুলি মন্তব্য কৰে ৷ সেইদৰে সাংসদ নৱ কুমাৰ শৰণীয়াই হাগ্ৰামাৰ লগত ২৭ জন পাৰিষদ থকা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে সাংসদ শৰণীয়াৰ অংক বুজি নাপায় ৷

Exit mobile version