বিগত ২৪ ঘণ্টাত বৃহৎ ব্যৱসায়িক ক্ষতিৰ সন্মুখীন বিশ্বৰ সকলাে শীর্ষ অবুদপতি

আদানী-আম্বানীসহ বিশ্বৰ শীর্ষ ধনাঢ্যৰ সম্পত্তি হ্রাস : মাস্কৰৰ ১৮ বিলিয়ন ডলাৰৰ লােকচান

download 1 3

বিশ্বৰ সকলাে শীর্ষ অবুদপতিৰ সম্পত্তিৰ পৰিমাণ বিগত ২৪ ঘণ্টাত যথেষ্ট হ্রাস পালে। শীর্ষ ধনাঢ্যৰ প্ৰথম ১০ স্থানত থকা আটাইকেইজন অবুদপতিৰ সম্পত্তিৰ পৰিমাণ এদিনতে উল্লেখনীয় পৰিমাণত হাস পালে।

ধনাঢ্য ব্যক্তিৰ তালিকাত প্রথম স্থানত থকা এলন মাস্কৰ পৰা আৰম্ভ কৰি দশম স্থানত থকা মুকেশ আম্বানীলৈকে সকলােৱে বিগত ২৪ ঘণ্টাত বৃহৎ ব্যৱসায়িক ক্ষতিৰ সন্মুখীন হ’ল।

বিলিয়নেৰ ইনডেক্সৰ পৰিসংখ্যা অনুসৰি, যােৱা ২৪ ঘণ্টাত বিশ্বৰ প্রায় সকলােবােৰ অবুদপতিৰ সম্পত্তি হ্রাস পালে। সম্প্রতি অর্বুদপতিৰ তালিকাত প্রথম স্থানত থকা টেছলা আৰু স্পেচএক্সৰ মুৰব্বী এলন মাস্কৰ সর্বাধিক পৰিমাণৰ বাণিজ্যিক ক্ষতি হ’ল।

প্রকাশিত বাতৰি অনুসৰি মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ বিগত এদিনত ১৮.৫ বিলিয়ন ডলাৰ হ্রাস পােৱাৰ ফলত ২২৯ বিলিয়ন ডলাৰ হ’ল। টুইটাৰ ক্ৰয়ৰ পাছতে হঠাতে মাস্কৰ সম্পত্তি হ্রাস পাবলৈ ধৰে। মাস্কৰ মালিকনাধীন টেছলাৰ শ্বেয়াৰমূল্য ১২ শতাংশ হ্রাস পালে।

মাস্কৰ লগতে ধনাঢ্য ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত থকা এমেজনৰ প্রতিষ্ঠাপক জেফ বেজ’ছৰাে সম্পত্তি বিগত এদিনত যথেষ্ট হ্রাস পালে।

যােৱা ২৪ ঘণ্টাত বেজ’ছৰ ৬.০৪ বিলিয়ন ডলাৰ লােকচান হােৱাৰ ফলত তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৩৩ বিলিয়ন ডলাৰলৈ হ্রাস পালে।

তৃতীয় স্থানত থকা মাইক্ৰছফটৰ প্ৰতিষ্ঠাপক বিল গেটছৰ সম্পত্তিৰ পৰিমাণ ৩.১৫ বিলিয়ন ডলাৰ হ্রাস পােৱাত বর্তমানে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ১২০ বিলিয়ন ডলাৰ। চতুর্থ স্থানত থকা অবুদপতি বর্ণাৰ্ড অর্ণাল্টৰ ৪.২৪ বিলিয়ন ডলাৰ সম্পত্তি হ্রাসৰ ফলত মুঠ সম্পত্তিৰ পৰিমাণ ১২০ বিলিয়ন ডলাৰ হ’ল।

পঞ্চম স্থানত থকা ভাৰতীয় উদ্যোগপতি গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ যােৱা ২৪ ঘণ্টাত ৫.১৯ বিলিয়ন ডলাৰ হ্রাস পালে আৰু বর্তমানে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১১৫ বিলিয়ন ডলাৰ। একেদৰে দশম স্থানত থকা ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানীৰ সম্পত্তিও বিগত এদিনত ৪.২৪ বিলিয়ন ডলাৰ হ্রাসৰ ফলত ৯২.১ বিলিয়ন ডলাৰ হ’ল।

যােৱা ২৪ ঘণ্টাত ৱাৰেন বফেৰ ২.৫৩ বিলিয়ন ডলাৰ, লেৰি পেজৰ ২.২৫ বিলিয়ন ডলাৰ, মর্গেই ব্রিনৰ ২.১৭ বিলিয়ন ডলাৰ আৰু ষ্টিভ উইলমাৰৰ ৩.২৪ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস পালে।

Exit mobile version