মস্তিষ্কৰ কঠিন ৰোগ ব্ৰেইন এনিউৰিজম’ত আক্ৰান্ত জি জিনপিং !কি এই ৰোগ ?

Xingping

‘চেৰিব্ৰেল এনিউৰিজম’ বা ‘ব্ৰেইন এনিউৰিজমত আক্ৰান্ত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং(Xi Jinping)। কিছুদিন ধৰি এই উৰাবাতৰি শুনিবলৈ পোৱা গৈছে ।

তথ্য অনুসৰি বিগত বছৰৰ শেষত চিকিৎসালয়ত ভৰ্তিও হ’ব লগা হৈছিল জিনপিং । অৱশ্যে, চীনা সংবাদ মাধ্যমসমূহে এতিয়ালৈকে ৰাষ্ট্ৰপতিৰ শাৰীৰিক পৰিস্হিতিৰ সন্দৰ্ভত কোনো বিবৃতি দিয়া নাই।

কিন্তু বেইজিংত শীতকালীন অলিম্পিকৰ পাছৰ পৰা জিনপিঙে কোনো বিদেশী নেতাৰ স’তে সাক্ষাৎ কৰা নাই। যাৰ বাবে চাৰিওফালে সমালোচনাৰ সৃষ্টি হৈছে ।

এই মুহূৰ্তত, চীনত হুৰা হুৰে কৰ’না সংক্ৰমণ বৃদ্ধি পাইছে। চৰকাৰে ইয়াক প্ৰতিৰোধ কৰিবলৈ ‘জিৰো ক’ভিড’ নীতি প্ৰয়োগ কৰিছে। ছাংহাই আৰু বেইজিংৰ দৰে চহৰত তলাবন্ধ জাৰি কৰা হৈছে। এই পৰিস্থিতিত, জিনপিঙৰ অসুস্থতাক লৈ বৃদ্ধি পাইছে উৰা বাতৰি ।

কিন্তু এই ৰোগটো কি? ‘চেৰিব্ৰেল এনুৰিজম’ত, মস্তিষ্কৰ ধমনীৰ ভিতৰত থকা ৰক্তনলীটো বেলুনৰ দৰে অস্বাভাৱিকভাৱে ফুলি উঠে। যদি এই ফুলা অব্যাহত থাকে আৰু ৰক্তনলী অত্যাধিক পাতল হৈ যায়, তেনেহ’লে ধমনীবোৰ ফাটি মগজুত ৰক্তক্ষৰণ হ’ব পাৰে। সেইকাৰণে এই ৰোগটো মাৰাত্মক বুলি গণ্য কৰা হয়।

এই ৰোগৰ লক্ষণবোৰ কি?

বিশেষজ্ঞসকলে জনাই যে বেছিভাগ ক্ষেত্ৰতে, এই ৰোগৰ কোনো লক্ষণ নাই। কাৰণ ইয়াৰ দৈৰ্ঘ্য ১০ মিলিমিটাৰতকৈ কম। অৱশ্যে, কিছুমান লক্ষণৰ কথাও জনা যায়।

ইয়াৰ ভিতৰত আছে মূৰ ঘূৰোৱা (ই একেবাৰে বিৰল), চকুৰ বিষ, দৃষ্টিশক্তিৰ পৰিৱৰ্তন, আৰু চকুৰ দৃষ্টিশক্তিৰ চলাচল হেৰুওৱা। এবাৰ এনুৰিজম চিনাক্ত হোৱাৰ পাছত, দেখা যায় যে আক্ৰান্তজনৰ ডিঙি জঠৰ হৈ আহিছে। ইয়াৰ উপৰিও, ক্লান্তি ,বমি আৰু টোপনি আহে।

তাৰ লগতে পিঠি আৰু ভৰিৰ বিষৰ । শৰীৰত ভাৰসাম্য হেৰুওৱাটোও এই ৰোগত আক্ৰান্ত হোৱাৰ আন এটা লক্ষণ। অৱশ্যে বেছিভাগ সময়তে কোনো লক্ষণ নাথাকে।

Exit mobile version