ৰাষ্ট্ৰদ্ৰোহ আইনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ সিদ্ধান্তক আদৰণি আইজেইউৰ

1616066711 supreme court 4

ব্ৰিটিছৰ দিনৰ দমনমূলক আইন পৰিহাৰৰ পথ মুকলি হ’ব বুলি আশা প্ৰকাশ সাংবাদিক ইউনিয়নটোৰ

এক ঐতিহাসিক ৰায়যোগে দেশৰ উচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰদ্ৰোহ আইন কেন্দ্ৰীয় চৰকাৰে পুনৰ বিবেচনা নকৰা পর্যন্ত স্থগিত ৰখাৰ সিদ্ধান্তক আদৰণি জনাইছে ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়ন (আইজেইউ)-এ । এক বিবৃতিত প্ৰকাশ যে আইজেইউৰ অধীনৰ সংগঠন জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম (জুৱা)এ অন্যান্য সংগঠনৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১২৪ (ক)ৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল ।

এই ধাৰা সংশ্লিষ্ট কৰ্তৃপক্ষ‌ই সাংবাদিকৰ বিৰুদ্ধে ব্যাপকৰূপে ব্যৱহাৰ কৰি আহিছে বুলি উল্লেখ কৰি বিবৃতিটোত আইজেইউৱে কয় যে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলিৰ তিনিজনীয়া বিচাৰপীঠে ৰায় দিয়ে যে ব্ৰিটিছৰ দিনৰ আইনৰ পুনৰ বিবেচনা নকৰা পর্যন্ত দেশজুৰি আইনৰ প্ৰয়োগ স্থগিত থাকিব ।

শীৰ্ষ আদালতে স্পষ্ট কৰি দিছে যে এই আইনৰ অধীনত কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব । ইতিমধ্যে এই আইন প্ৰয়োগ কৰি যিসমূহ গোচৰ অব্যাহত আছে সেয়াও স্থগিত হ’ব ।

আইজেইউৰ সভাপতি তথা প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰাক্তন সদস্য গীতাৰ্থ পাঠক আৰু সচিব প্ৰধান তথা ইণ্টাৰনেছনেল ফেডাৰেছন অৱ জাৰ্নেলিষ্ট (আইএফজে)ৰ উপ-সভাপতি ছাবিনা ইন্দৰজিতে বিবৃতিত কয় যে শীৰ্ষ আদালতৰ এই সিদ্ধান্ত‌ই শতিকাজুৰা পুৰণি কঠোৰ আইনৰ অন্ত পেলোৱাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিব । এই আইনখন ক্ষমতাধৰসকলে প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে বুলিও বিবৃতিত প্ৰকাশ ।

আইজেইউয়ে আশা প্ৰকাশ কৰে যে ভাৰত চৰকাৰে ৰাষ্ট্ৰদ্ৰোহ আইনৰ পুনৰ বিবেচনা কৰিব আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসনকালত স্বাধীনতা সংগ্ৰামীসকলক দমন কৰিবলৈ প্ৰৱৰ্তন কৰা কঠোৰ আইনখন পৰিহাৰ কৰিব । সংগঠনটোৱে জ্যেষ্ঠ অধিবক্তা চান্দেৰ উদয় সিংসহ অধিবক্তাৰ দলক ধন্যবাদ জনোৱাৰ লগতে আইজেইউৰ হৈ উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা জুৱাকো শলাগ লয় ।

Exit mobile version