Diabetesin Kids:শিশুসকলো আক্ৰান্ত হয় ডায়েবেটিচত !কি লক্ষণসমূহ দেখিলে সতৰ্ক হ’ব

1652191653 new project 2022 05 10t193639 938

ডায়েবেটিচ হৈছে এক দীৰ্ঘম্যাদী ৰোগ য’ত শৰীৰে অতি কম পৰিমাণৰ ইনচুলিন প্ৰস্তুত কৰে বা ইনচুলিনে সঠিকভাৱে কাম নকৰে। গতিকে ৰক্ত শৰ্কৰাৰ মাত্ৰা যথেষ্ট বৃদ্ধি হয়।

আন্তৰ্জাতিক ডায়েবেটিচ ফেডাৰেচনৰ অনুযায়ী,বিশ্বজুৰি কমেও ১১লাখ অপ্ৰাপ্তবয়স্ক বা ২০ বছৰৰ কম বয়সৰ টাইপ ১ ডায়েবেটিচত আক্ৰান্ত । প্ৰতি বছৰে,নতুনকৈ আক্ৰান্ত হৈছে আৰু এক লাখ ৩০হেজাৰ লোক । সেয়েহে, এই পৰিস্হিতিক লৈ যথেষ্ট চিন্তিত বিশ্ব স্বাস্থ্য সংস্থা ।

বহুলোকে ভাবে যে কম বয়সতে ডায়েবেটিচ হোৱাৰ সম্ভাৱনা নাই।কথাটো একেবাৰে সত্য নহয়। শিশুৰ ক্ষেত্ৰত কেবাটাও লক্ষণ দেখিলে অভিভাৱকসকলে সাৱধান হোৱা প্ৰয়োজন। সেইবোৰ কি জানি লওক।

(১) ভাগৰ

শিশুৱে বহুতো কাৰণত ভাগৰি পৰিব পাৰে। বা তেওঁলোকৰ শৰীৰ কেতিয়াবা দুৰ্বল হ’ব পাৰে। কিন্তু যদি সকলো সময়তে শিশু ভাগৰি পৰিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। কিয়নো ভাগৰ হৈছে ডায়েবেটিচৰ এটা লক্ষণ।

(২) ওজন সলনি

যদি দেখে যে শিশুটোৰ ওজন হঠাতে সলনি হৈছে, বিশেষকৈ ওজন হ্ৰাস হৈছে, তেনেহ’লে আপুনি সাৱধান হ’ব লাগিব।

(৩) খোৱাত অনিয়ম

শিশুটোৰ হঠাতে ভোক লাগে নেকি? সঘনাই পানী খায় নেকি? বা টোপনিৰ নিয়ম সলনি হৈছে নেকি? এই সকলোবোৰ ডায়েবেটিচৰ লক্ষণ হ’ব পাৰে।

(৪) প্ৰস্ৰাৱৰ অনিয়ম

অত্যাধিক পানী খালে, সঘনাই প্ৰস্ৰাৱ কৰা প্ৰয়োজন হয়। ফলস্বৰূপে, আপুনি এনে অনিয়ম দেখিলে সাৱধান হ’ব লাগিব।

(৪) অস্পষ্ট দৃষ্টি

চিকিৎসকসকলে অনুমান কৰে যে যদি ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয়, চকুৰ মণি ডাঙৰ হ’ব পাৰে আৰু দৃষ্টি অস্পষ্ট হ’ব পাৰে। শিশুসকলৰ হঠাতে এনে সমস্যা হ’লে পৰীক্ষা কৰাটো প্ৰয়োজনীয়।

(৬) পেট বেয়া

যদি ডায়েবেটিচ হয়, শিশুৰ বমি হোৱাৰ প্ৰৱণতা থাকে, হজম, গেছৰ সমস্যা হয়। গতিকে যদি আপুনি এনে লক্ষণ বোৰ দেখে, আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে।

Exit mobile version