Mahinda Rajapaksa : ভাৰতত পলায়ন কৰা নাই শ্রীলংকাৰ প্রাক্তন প্রধানমন্ত্রীয়ে !

1652254252 mahinda

শ্রীলংকাৰ সামাজিক মাধ্যমত খবৰটো বেচ ভাইৰেল হৈছিল । প্রাক্তন প্রধানমন্ত্রী মাহিন্দা ৰাজাপক্ষৰ সমালোচকসকলৰ লগতে সমর্থকসকলেও কৈছিল দেশৰ সীমান্ত পাৰ হৈ সপৰিয়ালৰ স’তে ভাৰতত আশ্রয় লৈছে । অৱশ্যে ভাৰতে এয়া ‘উৰাবাতৰি’ বুলি কৈছে ।

মঙলবাৰে নিশা এই সন্দৰ্ভত বিতর্কৰ মাজতেই কলম্বোৰ ভাৰতীয় দূতাবাসে জনাইছে, ৰাজাপক্ষ‌ই ভাৰতত যোৱা বা আশ্রয় লোৱাৰ বিষয়ত সামাজিক মাধ্যমত যি যি দাবী কৰা হৈছে, সেয়া সম্পূৰ্ণ ভুৱা । এই বিষয়ত এটা টুইটত স্পষ্টকৈ ভাৰতীয় হাই কমিছনাৰে জনাইছে, ‘এইটো এটা ভুৱা খবৰ আৰু সকলো মিচা । শ্রীলংকাৰ প্রাক্তন প্রধানমন্ত্রীক আশ্রয় দিয়া নাই ভাৰতে ।’

সোমবাৰে দেশৰ প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ দিছে মাহিন্দাই । তাৰপাছৰ পৰাই বিৰোধীসকলে তেওঁৰ গ্রেপ্তাৰীৰ দাবী জনাইছে । সূত্রৰ খবৰ, পদত্যাগ কৰাৰ পাছৰ দিনাই অর্থাৎ মঙলবাৰে পুৱাই তেওঁ তেওঁৰ দপ্তৰ আৰু শ্রীলংকাৰ প্রধানমন্ত্রীৰ বাসভৱন ‘টেম্পল ট্রি’ ত্যাগ কৰি গুচি যায় । তাৰ পাছতেই তেওঁৰ সপৰিয়ালে দেশ ত্যাগ কৰাৰ খবৰ বিয়পি পৰে সর্বত্র ।

৭৬ বছৰীয়া মাহিন্দাই প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ দিয়াৰ পাছতেই সোমবাৰে ভাৰতে জনাইছিল, ভাৰত শ্রীলংকাৰ স’তে আছে । শ্রীলংকাৰ গণতন্ত্র ৰক্ষা কৰাত সহায় কৰিব ভাৰত চৰকাৰে । সেয়ে মঙলবাৰে মাহিন্দাই সপৰিয়ালসহিত উধাও হোৱাৰ পাছত অনেকেই ভাবিছিল বন্ধু দেশ ভাৰততেই হয়তো তেওঁ আশ্রয় ল’ব । সামাজিক মাধ্যমতো দ্রুত খবৰটো বিয়পি পৰে ।

পাছত ভাৰতীয় হাই কমিছনাৰৰ তৰফৰ পৰা এটা টুইটত লিখা হয়, ‘কলম্ব’ৰ ভাৰতীয় দূতাবাসে সম্প্রতি জনাইছে শ্রীলংকাৰ কে’বাজনো ৰাজনীতিকে সপৰিয়ালসহ ভাৰতত আশ্রয় লোৱাৰ এটা ভুৱা খবৰ সামাজিক মাধ্যমত বিয়পি পৰিছে । খবৰটো কেৱল ভুৱাই নহয়, বিষয়টো সম্পূৰ্ণ মিচা । ভাৰতে এই কথা অস্বীকাৰ কৰিছে ।’

Exit mobile version