Mohali Blast : মোহালিৰ চোৰাংচোৱা দপ্তৰৰ এক কিমি দূৰত ৰাছিয়াই প্ৰস্তুত কৰা ৰকেট লঞ্চাৰ উদ্ধাৰ ! আটক এজন

1652250149 mohali

পঞ্জাৱৰ মোহালিত চোৰাংচোৱা সদৰ দপ্তৰত ৰকেট আক্ৰমণৰ ঘটনাত এজন সন্দেহজনক লোকক আটক কৰিলে ৰাজ্যিক আৰক্ষীয়ে । আটকাধীন লোকজনৰ নাম নিশান সিং । তেওঁ তৰণ তাৰণৰ বাসিন্দা । আৰক্ষীৰ দাবী, লোকজনে আক্ৰমণকাৰীসকলক বিভিন্ন সা-সৰঞ্জাম সৰবৰাহ কৰিছিল ।

আৰক্ষীয়ে জনাইছে, চোৰাংচোৱা দপ্তৰৰ পৰা এক কিলোমিটাৰ দূৰত এটা ৰকেট লঞ্চাৰ উদ্ধাৰ হৈছে । সেই লঞ্চাৰ ৰাছিয়াই প্ৰস্তুত কৰা বুলি দাবী কৰিছে আৰক্ষীয়ে । লঞ্চাৰটো আৰপিজি ২২ । যিটো ৰাছিয়াত প্ৰস্তুত কৰা হয় । ৰাছিয়াই প্ৰস্তুত কৰা লঞ্চাৰ ক’ৰ পৰা কেনেদৰে আহিল তাক লৈ ৰহস্য ঘনীভূত হৈছে ।

সোমবাৰে নিশা চোৰাংচোৱা দপ্তৰৰ চতুর্থ মহলত ৰকেট আক্ৰমণ কৰাৰ পাছত বিস্ফোৰণ হয় আৰু জুই লাগি যায় । সেই ঘটনাৰ পাছতেই পঞ্জাৱজুৰি সতর্কতা জাৰি কৰা হয় । তদন্ত কৰি আৰক্ষীয়ে জনায়, এই ঘটনাত জৰিতৰ সন্দেহত দুজনক আটক কৰা হৈছে । তেওঁলোকৰ ভিতৰত এজন নিশান সিং ।

নিশানৰ বিৰুদ্ধে ডকাইতি আৰু অস্ত্র আইনত গোচৰ চলি আছে ফৰিদ আৰু তৰণ তাৰণত । আৰক্ষীৰ দাবী, আক্ৰমণৰ তিনিদিন আগতে অমৃতসৰত দুই অভিযুক্তৰ আশ্রয়ৰ ব্যৱস্থা কৰি দিছিল নিশানে । পঞ্জাৱ আৰক্ষীৰ ডিজি ভি কে ভাওৰাই জনাইছে, তেওঁলোকে কে’বাটাও সূত্র পাইছে । সেই সূত্রৰ আধাৰতে তদন্ত আগবঢ়োৱা হৈছে । অতি শীঘ্রে প্রকাশ্যত অনা হ’ব ।

Exit mobile version