SBI FD :ফিক্সড ডিপোজিটৰ সুদৰ হাৰত বাঢ়িল SBI ত

375101 2

ভাৰতীয় ষ্টেট বেঙ্কে (এছবিআই) একাধিক ফিক্স ডিপোজিট আঁচনিৰ ওপৰত সুদৰ হাৰ বৃদ্ধি কৰিছে। কিন্তু প্ৰকৃততে দুই কোটি টকা বা তাতকৈ অধিক এফডিৰ ক্ষেত্ৰত বৃদ্ধি পাইছে সুদৰ হাৰ ।

মঙলবাৰে ১০ মে’ৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নতুন সুদৰ হাৰ। আন এটা বিষয় হ’ল -৭-৪৫ দিনৰ ডিপজিটৰ ক্ষেত্ৰত সুদৰ হাৰ বৃদ্ধি কৰা হোৱা নাই।

এছ.বি.আই. সূত্ৰৰ মতে, ৪৬-১৪৯ দিনৰ ফিক্স ডিপোজিটৰ ক্ষেত্ৰত ৫০ বেছিছ পয়েন্ট অধিক ঘূৰাই দিয়া হ’ব। এক-দুই বছৰৰ ডিপোজিটৰ ক্ষেত্ৰত,পাব ৪০ বেছিছ পয়েন্ট । দুই-তিনি বছৰৰ ডিপোজিটৰ ক্ষেত্ৰত, লাভ কৰিব ৬৫ বেছিছ পয়েন্ট ৰিটাৰ্ন ।

নতুন সুদৰ হাৰ

৭-৪৫ দিন- ৩ %

৪৬-১৭৯ দিন-৩.৫ শতাংশ

১৮০-২১০ দিন- ৩.৫ %

২১১ দিন -এক বছৰ-৩.৭৫%

এক-দুই বছৰ- ৪%

দুই-তিনি বছৰ- ৪.২৫%

তিনি-পাঁচ বছৰ- ৪.৫%

পাঁচ-১০ বছৰ- ৪.৫% ।

Exit mobile version