Sedition Law paused : কেন্দ্র‌ই পুনর্বিবেচনা নকৰা পর্যন্ত ৰাষ্ট্রদ্রোহ আইন স্থগিত, ঐতিহাসিক নির্দেশ উচ্চতম ন্যায়ালয়ৰ

1652252096 modi 1

উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খালে কেন্দ্র‌ই । সম্প্ৰতি স্থগিত ৰখা হৈছে ৰাষ্ট্রদ্রোহ আইনৰ প্রয়োগ । মুখ্য ন্যায়াধীশ ডিভিছন বেঞ্চে জনাইছে, কেন্দ্রীয় চৰকাৰে ব্রিটিছৰ আমলত প্ৰস্তুত কৰা আইনৰ পুনর্বিবেচনা নকৰা পর্যন্ত এই আইন প্রয়োগ স্থগিত থাকিব । শীর্ষ আদালতে স্পষ্টভাৱে জনাইছে, এই আইনত আৰু কোনো গ্রেপ্তাৰ নহ’ব । ইতিমধ্যে এই আইন প্রয়োগ কৰি যিসমূহ গোচৰ চলি আছে, সেয়া স্থগিত হৈ যাব । এই আইনৰ বলত বন্দীসকলে জামিনৰ আবেদন কৰিব পাৰিব ।

মঙলবাৰে শীৰ্ষ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমণাৰ বেঞ্চে কেন্দ্রৰ পৰা জানিব বিচাৰে, ৰাষ্ট্রদ্রোহ আইনৰ পুনর্বিবেচনা চলাকালীন এই আইনৰ আওতাত ৰুজু হোৱা গোচৰ স্থগিত ৰাখিব পাৰি নেকি ? লগতে আদালতে কেন্দ্রৰ পৰা জানিব বিচাৰে, কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক এই আইন প্রয়োগ কৰি কোনো পদক্ষেপ নোলোৱাৰ কথা ক’ব পাৰে নেকি ?

বুধবাৰে কেন্দ্রীয় চৰকাৰে শীৰ্ষ ন্যায়ালয়ক জনায়, তেওঁলোকে ৰাজ্যসমূহক ক’ব পাৰে, আৰক্ষী ছুপাৰ বা উচ্চপদস্থ বিষয়াই যেন কেৱল ৰাষ্ট্রদ্রোহৰ গোচৰ কৰিব পাৰে । কিন্তু উচ্চতম ন্যায়ালয়ে বুধবাৰে স্পষ্টভাৱে জনায় যে, কেন্দ্র‌ই ৰাষ্ট্রদ্রোহ আইনৰ পুনর্বিবেচনা শেষ নকৰা পৰ্যন্ত, স্থগিত থাকিব এই আইনৰ প্রয়োগ ।

লগতে সর্বোচ্চ আদালতে জনায়, নতুনকৈ এই আইন প্রয়োগ কৰি কাকো গ্রেপ্তাৰ কৰিব পৰা নাযাব । এই আইনত সম্প্ৰতি যিসমূহ গোচৰ ৰুজু হৈ আছে, সেয়া স্থগিত হৈ যাব । এই আইন প্রয়োগ কৰি গ্রেপ্তাৰ কৰা লোকসকলে জামিনৰ আবেদন কৰিব পাৰিব । তৎসত্ত্বেও যদি এই আইনত কাৰোবাৰ বিৰুদ্ধে গোচৰ দাখিল হয়, তেনেহ’লে তেওঁ আদালতৰ দ্বাৰস্থ হ’ব পাৰিব ।

Exit mobile version