SRI LANKA : অগ্নিগর্ভ শ্রীলংকাত জ্বলিছে নেতাৰ বাসগৃহ, গণৰোষত মৃত আঠ, দেশজুৰি আহত প্ৰায় ২৫০

1652243740 sri lanka

সোমবাৰৰ পৰা পুনৰ গণবিক্ষোভ আৰম্ভ হৈছে শ্রীলংকাত । ইতিমধ্যে সেই হিংসাত প্রাণ গৈছে প্ৰায় আঠজনৰ । স্থানীয় সংবাদ সংস্থাসমূহে জনাইছে, বিক্ষোভ আৰু সংঘর্ষত দ্বীপৰাষ্ট্রখনত প্ৰায় ২৫০ জন আহত হৈছে । মৃত্যু হৈছে দেশৰ এজন এমপি বা আইনসভাৰ সদস্যৰো ।

সোমবাৰে শ্রীলংকাৰ প্রধানমন্ত্রীৰ পদৰ পৰা পদত্যাগ দিছে মাহিন্দা ৰাজাপক্ষেই । বিক্ষোভৰ আৰম্ভণি তাৰ পৰাই । মাহিন্দাৰ সমর্থকসকলে অস্ত্র লৈ বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ পথত নামে । আৰম্ভ হয় সংঘর্ষ । মাহিন্দাৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা হয় । তাৰ পাছতেই দেশৰ প্রাক্তন প্রধানমন্ত্রীয়ে দেশ ত্যাগ কৰি পলায়ন কৰে বুলি সূত্রৰ খবৰ । এনে পৰিস্থিতিত বিক্ষুব্ধ জনতাই ৰাজাপক্ষেৰ পূর্বপুৰুষৰ বাসগৃহৰ লগতে দেশৰ কে’বাজনো ৰাজনীতিবিদৰ বাসগৃহত জুই লগাই দিয়ে ।

প্রধানমন্ত্রীথ পদত্যাগৰ পাছত শ্রীলংকাত সম্প্ৰতি সেনা শাসন জাৰি কৰা হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বুধবাৰে ৰাজধানী কলম্বো আৰু বিক্ষোভ চলা চহৰসমূহত সেনাবাহিনী মোতায়েন কৰা হৈছে । দেশজুৰি সান্ধ্য আইন জাৰি কৰা হৈছে ।

Exit mobile version