উচ্চতম ন্যায়ালয়ৰ দেশদ্ৰোহী আইন সাময়িক স্থগিতাদেশত বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দেশত দেশদ্ৰোহিতাৰ আইনখন সাময়িকভাৱে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই দিয়া নিৰ্দেশটোত কোৱা হৈছে যে ব্ৰিটিছ প্ৰণীত ঔপনিৱেশিক আইনখন চৰকাৰে পুনৰ পৰীক্ষণ কৰাৰ প্ৰয়োজন আছে আৰু পুনৰীক্ষণ নোহোৱা পৰ্যন্ত আইনখন স্থগিত ৰাখিব লগে ৷

Exit mobile version