উত্তৰ কোৰিয়াত ‘প্রথম’ কৰ’না সংক্রমণ, জৰুৰী অৱস্থা ঘোষণা একনায়ক কিমৰ

5B2BSMM2RZIE5DAHDPAGQTV6GA

সমগ্ৰ বিশ্বকে কৰ’নাই জুৰুলা কৰাৰ সময়ত, উত্তৰ কোৰিয়াৰ শাসক কিম জং উন গর্বত প্রায় উৰি আছিল । কাৰণ, উত্তৰ কোৰিয়াৰ দাবী আছিল, তেওঁলোকৰ দেশত এতিয়াও কৰ’না ৰোগীৰ সন্ধান পোৱা নাই । সেয়ে কৰ’না মোকাবিলাত বিশ্বৰ ভিতৰতে নজিৰ সৃষ্টিৰ দাবীও কৰিছিল কিমে । কিন্তু এইবাৰ এজন ক’ভিড আক্রান্তৰ সন্ধান পোৱা গৈছে বুলি জনাইছে দেশখনে । সেয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছে স্বেচ্ছাচাৰী কিমে ।

সংবাদ সংস্থা এএফপি সূত্রে খবৰ, দেশত ‘প্রথম কৰ’না আক্রান্তৰ’ সন্ধান পোৱা গৈছে বুলি বৃহস্পতিবাৰে জনাইছে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদমাধ্যম কেচিএনএ-য়ে । জনোৱা হৈছে, ৰাজধানী পিয়ংইয়ংয়ত এজন লোকৰ শৰীৰত কৰ’নাৰ অ’মিক্রন ভেৰিয়েন্ট পোৱা গৈছে । সংক্রমণৰ খবৰ লাভ কৰাৰ পাছতেই পলিটব্যুৰ’ৰ স’তে জৰুৰী বৈঠকত মিলিত হয় কিম । সিদ্ধান্ত লোৱা হয়, সংক্রমণ ৰোধ কৰিবলৈ দেশজুৰি জৰুৰী অৱস্থা জাৰি কৰা হ’ব । কেচিএনএ-ৰ প্রতিবেদন অনুযায়ী, বৈঠকত কিমে কয়, “কৰ’না ভাইৰাছক সমূলী শেষ কৰিব লাগিব । শীঘ্ৰে এই কাম কৰিব লাগিব ।”

লগতে কিমৰ দাবী, যিহেতু উত্তৰ কোৰিয়াৰ লোক অত্যন্ত সচেতন, সেয়ে দ্রুত তেওঁলোকে এই জৰুৰী অৱস্থাৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ব ।

বিশ্লেষকসকলৰ মতে, ইচ্ছামতে দাবী কৰিলেও উত্তৰ কোৰিয়াত কৰ’না সংক্রমণ ভয়াৱহ মাত্রাত বাঢ়িছে । পৰিস্থিতি আৰু জটিল কৰি দেশখনৰ প্রায় দুই কোটি ৫০ লাখ লোকৰ এজনকো টিকা দিয়া হোৱা নাই । বিশ্ব স্বাস্থ্য সংস্থাই বাৰে বাৰে টিকাকৰণৰ দাবী জনালেও সেই আবেদনত গুৰুত্ব নিদিয়ে কিমে ।

আনকি, বন্ধু চীন আৰু ৰাছিয়াই টিকা জোগান দিয়াৰ প্রস্তাৱ দিয়াত সেয়াও তেওঁ উভতাই পঠিয়াই । ফলত দেশটিখনত মৃত্যুৰ হাৰ অত্যন্ত বেছি বুলি ধাৰণা কৰা হৈছে ।

উল্লেখ্য, ২০২০ত সমগ্ৰ বিশ্বত কৰ’নাৰ প্রকোপ বাঢ়ি থকাৰ সময়ত দেশৰ সীমান্ত বন্ধ কৰি দিছিল কিম চৰকাৰে । কিন্তু তৎসত্ত্বেও সংক্রমণ ৰোধ কৰা সম্ভৱ নহয় বুলি দাবী । আছান ইনষ্টিটিউট ফৰ পলিচি ষ্টাডিজৰ গৱেষক গো মিয়ং হিউনে জনাইছিল, দক্ষিণ কোৰিয়া আৰু চীনৰ পৰা উত্তৰ কোৰিয়াত কৰ’নাৰ সংক্রমণ ঘটিছে । সেয়ে চিঅ’লৰ ওপৰত ক্ষুব্ধ কিমে ভয়াৱহ প্ৰতিশোধৰ কথা ভাবিছে ।

ইপিনে, কৰ’না মহামাৰীৰ ফলত উত্তৰ কোৰিয়াৰ অর্থনীতি আৰু ভাঙি পৰিছে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে । কে’ব বছৰ ধৰি উত্তৰ কোৰিয়াত (North Korea) খাদ্যৰ দাম ঊর্ধ্বমুখী হৈছে । পেট পূৰণ কৰিবলৈ জ্বলাকলা খাইছে দেশবাসীয়ে । কৰ’না কালত সেয়া সংকটজনক অৱস্থা পাইছে । ফলত ‘series of deviations’ক দোষাৰোপ কৰিছে কিম জং উনে ।

যদিও বিশেষজ্ঞসকলৰ প্ৰতিবেদন অনুযায়ী, একাধিক প্রাকৃতিক বিপর্যয়, কৃষিক্ষেত্রত সঠিক পৰিকল্পনা আৰু পৰিকাঠামোৰ অভাৱসহ একাধিক বিষয়ক কাৰণ বুলি কোৱা হৈছে ।সবমিলিয়ে কিন্তু এই কথাত সমৰ্থন নিদি উত্তৰ কোৰিয়াৰ একনায়কৰ বক্তব্য, কৃষিক্ষেত্রত উৎপাদন চাহিদাৰ তুলনাত বহুত কম । সেয়ে খাদ্যৰ অভাৱে দেখা দিছে । এনে পৰিস্থিতিত সকলোৱে কম খোৱা উচিত । ইয়াৰ পৰাই দেশৰ পৰিস্থিতি যে অত্যন্ত শোচনীয় সেয়া স্পষ্ট ।

Exit mobile version