দেশৰ নতুন মুখ্য নির্বাচনী বিষয়া ৰাজীৱ কুমাৰ

d4398e4d1f7a1fd356bb2e963f67e7cc original

কাৰ্যকাল সমাপ্ত হ’ল মুখ্য নির্বাচনী বিষয়া সুশীল চন্দ্রৰ । দেশৰ নতুন মুখ্য নির্বাচন বিষয়াৰ (CEC) পদত নিযুক্তি দিয়া হৈছে আইএএছ ৰাজীৱ কুমাৰক । ১৫ মে’ৰ পৰা তেওঁ দায়িত্ব ল’ব । বৃহস্পতিবাৰে কেন্দ্রৰ তৰফৰ পৰাই নির্বাচিত কৰা হৈছে । তাত ছিলমোহৰ দিছে ৰাষ্ট্রপতিয়ে । আজি কেন্দ্রীয় আইনমন্ত্রী কিৰেন ৰিজিজুৱে (Kiren Rijiju) টুইটত এই খবৰ জনাইছে । নতুন মুখ্য নির্বাচনী বিষয়াক তেওঁ অভিনন্দন জনাইছে ।

দেশৰ মুখ্য নির্বাচনী বিষয়া হিচাপে ৰাজীৱ কুমাৰক (Rajiv Kumar) পদত অধিস্থিত কৰাৰ সিদ্ধান্ত অধিকাংশ‍ই তাৎপর্যপূর্ণ । ১৯৮৪ বেচৰ কেডাৰ ঝাড়খণ্ডৰ এই ব্যক্তিত্ব । প্রশাসনিক কাৰ্য নিয়ন্ত্ৰণ কৰা আৰু নীতি নির্ধাৰণত তিনি দশকৰ অভিজ্ঞতা আছে তেওঁৰ । ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰণালয়ৰ সচিবৰ দায়িত্বও পালন কৰিছে ৰাজীৱ কুমাৰে । ৰাষ্ট্ৰীয় বেংকৰ সংযুক্তিকৰণ তেওঁৰেই মস্তিষ্কপ্রসূত । ১০ খন বেংকৰ সংযুক্তিকৰণ কৰি চাৰিটা বৃহৎ বেংক গঠন কৰে ।

২০২০ত তেওঁক নির্বাচনী বিষয়া হিচাপে নিয়োগ কৰা হয় । ২০২২ত তেঁৱেই হ’ল দেশৰ মুখ্য নির্বাচনী বিষয়া । ১৪ মে’ত সুনীল চন্দ্রৰ কাৰ্যকাল সমাপ্ত হৈছে । তাৰ পাছত ১৫ মে’ৰ পৰা নতুন দায়িত্বত আহিব ৰাজীৱ কুমাৰ । পূজাৰ পাছত গুজৰাটসহ দেশৰ পাঁচ ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব । ৰাজীৱ কুমাৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সেইটোৱে প্রথম বৃহৎ নির্বাচন হ’ব তেওঁৰ নেতৃত্বত । ৰাজীৱ কুমাৰক সকলোৱে অভিনন্দন জনাইছে ।

Exit mobile version