সামাজিক মাধ্যমত “একপ্ৰকাৰ ভগৱান” হৈ পৰিছে নলবাৰীৰ দুজন যুৱক বিশ্বজিৎ ভূঞা আৰু ৰাজীৱ দত্ত

5f552217 4b89 4468 9d68 941cf1bd335e

অসম আৰক্ষীৰ কে’বাটাও শ্ৰেণীৰ পদ পূৰণৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা সাক্ষাৎকাৰৰ ফলাফল আজি ঘোষণা হোৱাৰ লগে লগে ব্যাপক চৰ্চাৰ মাজলৈ আহিছে নলবাৰীৰ দুজন যুৱক বিশ্বজিৎ ভূঞা আৰু ৰজীৱ দত্ত (ৰাজু)।

চন্দ্ৰ মোহন পাটোৱাৰীৰ গৃহ সমষ্টি ধৰ্মপুৰৰ এই দুজন যুৱকলৈ ইতিমধ্যে প্ৰসংশা আৰু কৃতজ্ঞতাৰে ভৰি পৰিছে সামাজিক মাধ্যম। কিয়নো কোনো ৰাজনৈতিক নেতাৰ আশীৰ্বাদ আৰু বক্ৰপথ অবিহনে দক্ষ প্ৰাৰ্থীসকলৰ চৰকাৰী চাকৰি নিযুক্তিলাভৰ প্ৰক্ৰিয়া তৰান্বিত কৰাৰ বাবে বিশ্বজিৎ ভূঞাই চলাই অহা দীৰ্ঘদিনীয়া নীৰলস প্ৰচেষ্টাই এইবাৰ সাফল্যৰ মুখ দেখিবলৈ সক্ষম হ’ল।

বিশ্বজিৎৰ বহুদিনীয়া সপোনত বাস্তৱ কৰি আজি ঘোষিত অসম আৰক্ষীৰ এছ ডি আৰ এফ, এ পি আৰ, কনিষ্টবল আদি ভিন্ন পদত জিলাখনৰ পশ্চিম নলবাৰী অঞ্চলৰ কেইখনমান গাঁওৰ সোতৰজনকৈ যুৱক নিৰ্বাচিত হৈছে।

উল্লেখ্য যে ৰাজনৈতিক হস্তক্ষেপ আৰু বক্ৰ পথ ব্যৱস্থাত দক্ষ আৰু যোগ্যতাসম্পন্ন বহু সংখ্যক চাকৰি প্ৰাৰ্থী বছৰ বছৰ ধৰি বঞ্চিত হৈ অহাত ইয়াক প্ৰত্যাহ্বান জনাই বিশ্বজিৎ ভূঞাই আৰম্ভ কৰিছিল আৰক্ষী, সেনা বাহিনী আদি বিভিন্ন বিভাগৰ সাক্ষাৎকাৰৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ ।

শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা ক্ৰীড়াবিদ বিশ্বজিৎ স্থানীয় উদ্যমী যুৱক ৰাজীৱ দত্ত (ৰাজু) ৰ সহযোগত দাহুদী খেলপথাৰত অনুষ্ঠিত কৰিছিল উক্ত প্ৰশিক্ষণ শিবিৰ।

দেৰমাহ ধৰি পুৱা- গধূলি অনুষ্ঠিত উক্ত প্ৰশিক্ষণ শিবিৰত দাহুদীকে ধৰি শোলমাৰা, হেলচা, শুকেকুচি, পখুৰা, বেলশৰ আৰু বৰপেটা জিলাৰ সৰ্থেবাৰীৰ পৰা অহা ৬০ জনকৈ যুৱকে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। এই প্ৰশিক্ষণত প্ৰশিক্ষার্থীসকলক শাৰীৰিক অনুশীলন কৰোৱাৰ লগতে লিখিত পৰীক্ষাৰ বাবেও অনুশীলন কৰোৱাইছিল বিশ্বজিতে।

প্ৰায় দেৰমাহজোৰা কঠোৰ অনুশীলনৰ পাছত বিশ্বজিতৰ প্ৰশিক্ষণ শিবিৰৰ আটাইকেইজন প্ৰশিক্ষাৰ্থীয়েই সাক্ষাৎকাৰত অৱতীৰ্ণ হয়।

প্ৰশিক্ষার্থী সকলে বিশ্বজিৎ ভূঞাক তেওঁলোকৰ ‘এজন ভগৱান স্বৰূপ’ বুলি অভিত কৰিছে। ইতিমধ্যে সামাজিক মাধ্যমত এই মন্তব্য সদৰী কৰাৰ লগতে দৈনিক অগ্ৰদূতক সদৰী কৰে এইদৰে – বিশ্বজিৎ ভূঞা আৰু ৰাজীৱ দত্তৰ দৰে সমাজত কেইজমান যুৱক থাকিলে ৰাজনৈতিক নেতা সকলে চাকৰি দিয়াৰ প্ৰলোভন দি অন্ধভক্ত সৃষ্টি কৰিব নোৱাৰে। “

Exit mobile version