Mahesh Babu : ‘বলিউডে তেওঁৰ পৰিশ্ৰমিক দিব নোৱাৰিব’, জানানে তেলেগু চুপাষ্টাৰজনৰ পৰিশ্ৰমিক কিমান

pjimage 8 1652199514

‘বলীউডে মোৰ মাচুল পৰিশোধ কৰিব নোৱাৰিব’, মহেশ বাবুৰ এই মন্তব্যয় উত্তাল সামাজিক মাধ্যম। বহুতে তেওঁক কিমান দৰমহা দিয়া হয় বুলিও প্ৰশ্ন কৰিছে। ভাষাৰ প্ৰসংগত কিছুদিন ধৰি বিবাদ চলি আছে দক্ষিণৰ চলচ্চিত্ৰ আৰু বলীউডৰ তাৰকাসকলৰ মাজত ।

ইয়াৰ মাজতে,মহেশ বাবুৰ এটা মন্তব্যই এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যম দীৰ্ঘদিন ধৰি উৰাবাতৰি চলি আহিছে যে তেলেগু চুপাৰষ্টাৰ মহেশ বাবুয়ে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। কিন্তু মহেশ বাবুয়ে শেহতীয়াকৈ সেই অনুমানক প্ৰায় খাৰিজ কৰিছে।

এক সাক্ষাৎকাৰত তেওঁ কয়, “শেহতীয়াকৈ, তেওঁ বহুতো হিন্দী চলচ্চিত্ৰৰ প্ৰস্তাৱ লাভ কৰিছে। কিন্তু মই নাভাবো যে তেওঁলোকে মোৰ খৰচবোৰ আৰ্থিকভাৱে বহন কৰিবলৈ সক্ষম হ’ব। মই দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ পৰা পোৱা ষ্টাৰডম আৰু সন্মান বিশাল। গতিকে এই উদ্যোগটো এৰি আন কোনো ঠাইলৈ যোৱাৰ কোনো প্ৰশ্নই নাই ।’

মহেশ বাবুয়ে আন কোনো উদ্যোগলৈ গৈ নিজৰ সময় নষ্ট কৰিব নিবিচাৰে। তেওঁৰ মতে, তেওঁ বহুতো নতুন চলচ্চিত্ৰৰ পৰিকল্পনা কৰিছে। সেইবোৰ লাহে লাহে বাস্তৱায়িত হৈছে, আৰু অভিনেতাজনৰ সপোন বোৰ বাস্তৱ হৈ আহিছে।

তেওঁ লাভ কৰা সফলতাত তেওঁ সুখী। শেহতীয়াকৈ তেওঁ কয় যে কোনো ধৰণে বলীউডক সৰু কৰিব নিবিচাৰে। তেওঁ সকলো ভাষাক সমানে সন্মান কৰে। ইয়াৰ উপৰিও, প্ৰশ্ন উত্থাপিত হয় যে মহেশ বাবুয়ে কিমান টকা পৰিশ্ৰমিক লয় যিটো বলীউডে পৰিশোধ কৰিব নোৱাৰে। উদ্যোগৰ সূত্ৰ অনুসৰি, তেওঁ প্ৰতিখন চলচ্চিত্ৰত ৪০ কোটি টকা উপাৰ্জন কৰে।

Exit mobile version