১৪ মে’ৰ ভিতৰত অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ এককালীন সাহায্যৰ লিখিত জাননী জাৰি কৰাৰ দাবী

সমাজ কল্যাণ বিভাগৰ তৃণমূল স্তৰত কাম কৰা অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ সামাজিক সুৰক্ষা বিচাৰি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই গুৱাহাটী প্ৰেছ ক্লাৱত আজি এক সংবাদমেল সম্বোধন কৰে । সংবাদ মাধ্যমৰ আগত কৰ্মী-সহায়িকাসকলে ক্ষোভ প্ৰকাশ কৰে যে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে তেওঁলোকৰ বাবে আইনগত চিকিৎসাৰ ব্যৱস্থা, গ্ৰেচুইটি, পেন্সন ইত্যাদিৰ কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই ।

শেহতীয়াভাৱে যোৱা ২৪ ডিচেম্বৰত অসম চৰকাৰে অংগনবাড়ী কৰ্মী-সহায়িকাসকলক এককালীন সাহায্য প্ৰদান কৰাৰ ঘোষণা কৰিছিল । কিন্তু বৰ্তমানলৈকে চৰকাৰে সাহায্যৰ কোনো লিখিত জাননী জাৰি কৰা নাই ।

অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ অভিযোগ, উচ্চতম ন্যায়ালয়ে ৰায়যোগে তেওঁলোকক গ্ৰেচুইটি দিয়াৰ নিৰ্দেশনা প্ৰদান কৰিছিল । এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই । ইয়াৰ বিপৰীতে চৰকাৰে ৬০ বছৰৰ উৰ্ধৰ অংগনবাড়ী কৰ্মী-সহায়িকাসকলক অৱসৰৰ জাননী জাৰি কৰিছে ।

যোৱা ১১ মে’ তাৰিখে অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিনিধিয়ে সমাজ কল্যাণ বিভাগৰ সঞ্চালকক আদালতৰ গ্ৰেচুইটি প্ৰদানৰ নিৰ্দেশনা সম্পৰ্কত এখন স্মাৰক পত্ৰ প্ৰদান কৰে । সন্থাই এই সম্পৰ্কত সমাজ কল্যাণ বিভাগক জনায় যে গ্ৰেচুইটিসহ অৱসৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ‘এককালীন সাহায্য’ৰ বিষয়টো অহা ১৪ মে’ৰ ভিতৰত লিখিত জাননী জাৰি নকৰিলে অসমৰ কৰ্মী-সহায়িকাসকলে অহা ১৮ মে’ত সমূহীয়াভাৱে উজান বজাৰস্থিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিব ।

Exit mobile version