COVID-19 : ক’ভিড আপডেট

delhi covid 19 testing 4ac6b9bc ed03 11ea 92df 080f51a06faf

বিগত ২৪ ঘণ্টাত দেশজুৰি সামান্য বৃদ্ধি পালে ক’ভিড আক্রান্তৰ সংখ্যা । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে শুকুৰবাৰে দিয়া ক’ভিড বুলেটিন অনুযায়ী, ভাৰতত এদিনত নতুনকৈ দুহেজাৰ ৮৪১ জন ক’ভিড আক্রান্ত হৈছে ।

দেশত এই পর্যন্ত ক’ভিড আক্রান্তৰ সংখ্যা বাঢ়ি হ’ল চাৰি কোটি ৩১ লাখ ১৬ হেজাৰ ২৫৪ । সক্রিয় ৰোগীৰ সংখ্যা ১৮ হেজাৰ ৬০৪ ।

ৰাজধানী দিল্লীত এতিয়াও আক্রান্তৰ সংখ্যা হেজাৰৰ ওপৰতেই । দিল্লীত বিগত ২৪ ঘণ্টাত মুঠ আক্রান্তৰ সংখ্যা এহেজাৰ ৩২ জন । দ্বিতীয় স্থানত কেৰালা । কেৰালাত এদিনত আক্রান্তৰ সংখ্যা ৪১৩ ।

বিগত ২৪ ঘণ্টাত কৰ’না আক্রান্ত হৈ মুঠ নজনৰ মৃত্যু হৈছে । দেশত কৰ’নাত আক্রান্ত হৈ এই পর্যন্ত মৃত্যু হৈছে পাঁচ লাখ ২৪ হেজাৰ ১৯০ জনৰ । সুস্থতাৰ হাৰ ৯৮.৭৪ শতাংশ ।

Exit mobile version