Gujrat : মহাকাশৰ পৰা গুজৰাটত পৰিল ৰহস্যময় তিনিটা ধাতৱীয় গোলক ! ধ্বংস হো উপগ্রহ নে অন্য কিবা

1652425355 space

মহাকাশৰ পৰা মাটিত পৰিল ধাতৱ গোলক । গুজৰাটৰ আনন্দ জিলাৰ তিনিটা স্থানত এই আশ্চর্যকৰ ঘটনাটো সংঘটিত হৈছে । স্থানীয় সূত্রে খবৰ, বৃহস্পতিবাৰে সন্ধিয়া আনন্দ জিলাৰ ভালেজ, খাম্ভোলজ আৰু ৰামপুৰাত তিনিটা ধাতৱ গোলক হঠাৎ আকাশৰ পৰা আহি মাটিত পৰে । ইয়াৰ পাছতেই গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি হয় । অনেকে আকৌ কৌতুহলৰ বাবে ভিৰ কৰে এই ধাতৱ গোলকবোৰৰ চাৰিওপাশে ।

ঘটনাটোৰ তদন্ত কৰিবলৈ ইতিমধ্যে গুজৰাটৰ ‘ফৰেন্সিক ছায়েন্স লেবৰেটৰি’ৰ বিশেষজ্ঞসকলক মাতি পঠিওৱা হৈছে । জিলা আৰক্ষীয়েও সম্পূৰ্ণ বিষয়টো পৰ্যবেক্ষণ কৰিবলৈ তৎপৰ হৈছে ।

স্থানীয় সূত্রে খবৰ, সন্ধিয়া প্ৰায় পাঁচ বজাত ভালেজ গাঁৱত এটা বৃহৎ ক’লা ধাতৱ গোলক আকাশৰ পৰা মাটিত পৰে । এই ধাতৱ গোলকৰ আনুমানিক ওজন প্রায় পাঁচ কেজি । ইয়াৰ কিছু পাছতেই কাষৰ খাম্ভোলজ আৰু ৰামপুৰা গাঁৱতো একেই ধৰণৰ ঘটনা ঘটে । তিনিখন গাঁৱেই প্রায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত । ইয়াৰ পাছতেই প্রত্যক্ষদর্শীসকলে সম্পূৰ্ণ বিষয়টো আৰক্ষীক জনায় ।

প্রাথমিকভাৱে অনুমান কৰা হৈছে, এই ধাতৱ গোলকবোৰ কোনো কৃত্রিম উপগ্রহৰ ধ্বংসাৱশেষ । খাম্ভোলজত এই ধাতৱ গোলক এটা বাসগৃহত পৰিলেও ভালেজ আৰু ৰামপুৰাত এই ধাতৱ গোলক দুটা মুকলি স্থানত পৰে । অৱশ্যে এই ঘটনাত ক’তো কোনো আহত হোৱা নাই বুলিও আৰক্ষী সূত্রে খবৰ ।

প্রত্যক্ষদর্শীসকলৰ মতে, ধাতৱ গোলকবোৰ মহাকাশৰ পৰা আহিছে । যদিও আৰক্ষীৰ দাবী সঠিক তদন্ত নকৰাকৈ এতিয়াই এই বিষয়ত কোনো মন্তব্য কৰা উচিত নহ’ব । আনন্দ জিলাৰ আৰক্ষী ছুপাৰ অজিত ৰাজিয়ানে জনাৰ, বিশেষজ্ঞসকলৰ দলে সম্পূৰ্ণ বিষয়টো পৰ্যবেক্ষণ কৰাৰ পাছতহে কোনো সঠিক সিদ্ধান্তত উপনীত হ’ব পাৰিব ।

Exit mobile version